গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিল : অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত এজন লোকৰ মৃত্যু ঘটিছে। শুকুৰবাৰে পুৱতি নিশা মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা হাইলাকান্দি জিলাৰ ফইজুল হক বৰভূঞা নামৰ লোক জনৰ মৃত্যু ঘটিছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰিছে এই কথা।

অসমত প্ৰথমজন কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত ৰোগীৰ মৃত্যু ঘটিছে। হাইলাকান্দি জিলাৰ ফইজুল হক বৰভূঞা নামৰ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোক জনৰ শুকুৰবাৰে পুৱতি নিশা মৃত্যু ঘটিছে বুলি টুইট যোগে প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।।উল্লেখ্য যে, বৃহস্পিতিবাৰে সন্ধিয়াৰ ভাগত হাইলাকান্দি জিলাৰ কভডি-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা ফইজুল হক বৰভূঞা নামৰ লোক জনৰ অৱস্থা সংকটজনক হোৱা বুলিও টুইট যোগে জনাইছিল স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। অসমৰ প্ৰথমজন কোভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, বৰ্তমান সময়লৈকে অসমত ২৮ গৰাকী লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে। বৰ্তমানলৈকে অসমত ২৯ গৰাকী লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ আছিল যদিও হাইলাকান্দি জিলাৰ ৬৫ বছৰীয়া ফইজুল হক বৰভূঞাৰ মৃত্যুৰ পিছত ২৮ গৰাকী লোক চিকিৎসাধীন হৈ আছে।