নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ এপ্ৰিল : কভিড-১৯ কৰুণা ভাইৰাছত আক্রান্ত অসমৰ এজন ব্যক্তি মহাৰাষ্ট্ৰত আত্মহত্যা কৰাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশগ্ৰহণ কৰাৰ পিছত ব্যক্তি জনৰ শৰীৰত ধৰা পৰিছিল মাৰাত্মক কবিড-১৯ কৰ’ণা ভাইৰাছ।

সমগ্ৰ বিশ্বৰ লগতে দেশত কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে এক মহাৰাষ্ট্ৰৰ পৰা আহিছে এক চাঞ্চল্যক খবৰ। মহাৰাষ্ট্ৰত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত অসমৰ এজন ব্যক্তিয়ে ডিঙি কাটি আত্মহত্যা কৰিছে। জানিবলৈ পোৱা মতে নগাঁও জিলাৰ চামগুৰিৰ শিঙিমাৰীৰ অঞ্চলৰ তেৰমাইলৰ জহিৰুল ইছলাম নামৰ এজন ব্যক্তিৰ শৰীৰত কভিড-১৯ কৰ’ণা ভছিৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে ব্যক্তিজনে আইচ’লেচন ৱাৰ্ডত ডিঙি কাটি আত্মহত্যা কৰিছে। জহিৰুল ইছলাম নামৰ ব্যক্তি জনে দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশগ্ৰহণ কৰাৰ পিছতে ব্যক্তি জনৰ শৰীৰত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ লক্ষণ দেখা দিয়ে। যোৱা ৭ এপ্ৰিলত ব্যক্তি জনক মহাৰাষ্ট্ৰৰ এখন চৰকাৰী মেডিকেল মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিছত শুকুৰবাৰে ব্যক্তি জন কভডি-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত বুলি নিশ্চিত হয়। শুকুৰবাৰে ব্যক্তি জন কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত বুলি নিশ্চিত হোৱাৰ পিছতে শনিবাৰে ব্যক্তি জনে চিকিৎসালয়ৰ আইচ’লেচন ৱাৰ্ডত ডিঙি কাটি আত্মহত্যা কৰে।

নগাঁও জিলাৰ চামগুৰিৰ শিঙিমাৰীৰ অঞ্চলৰ তেৰমাইলৰ জহিৰুল ইছলাম নামৰ ব্যক্তি জনে দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাত অংশগ্ৰহণ কৰা পিছত দিল্লীৰ পৰা মহাৰাষ্ট্ৰলৈ তবলিগী জামাতত অংশগ্ৰহণ কৰিবলৈ গৈছিল। জহিৰুল ইছলামৰ আত্মহত্যাৰ পিছতে অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ২ লৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে হাইলাকান্দি জিলাৰ এজন ব্যক্তিৰ কভিড-১৯ কৰ’ণা ভছিৰাছত আক্রান্ত হৈ মৃত্যু হৈছিল।