অসমীয়া চলচ্চিত্ৰ ‘কানীন’-ৰ পোষ্টাৰ মুকলি

In কলা-সংস্কৃতি
TheChocolateRoomTezpur

গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ: শিৱম ক্ৰিয়েচনৰ প্ৰযোজনাত নিৰ্মিত পৰিচালক মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ ‘কানীন- এ চিক্ৰেট চাৰ্ছ’-ৰ পোষ্টাৰ শুকুৰবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই.টি.এ. প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। অহা ২২ মাৰ্চ, ২০১৯-ত মুক্তি পাবলগীয়া এই চিনেমাখনৰ পোষ্টাৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে চলচ্চিত্ৰখনৰ প্ৰযোজক ড° গোপেন্দ্ৰ মোহন দাস, পৰিচালক মঞ্জুল বৰুৱা, মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ড° জাহানাৰা বেগম, জনপ্ৰিয় সংগীত পৰিচালিকা/গায়িকা তৰালি শৰ্মাৰ লগতে চলচ্চিত্ৰখনৰ কলা-কুশলীসকল। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট সংগীতজ্ঞ প্ৰভাত শৰ্মা, ৰমেন চৌধুৰী, বিশিষ্ট সংগীতজ্ঞ জে.পি. দাস, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া, গৰিমা শইকীয়া গাৰ্গ, পৰিচালিকা প্ৰেৰণা বৰবৰুৱা, বিশিষ্ট গায়ক কুল বৰুৱা, গায়িকা মালৱিকা বৰা আৰু বিশিষ্ট লেখিকা মনালিছা শইকীয়াৰ উপস্থিতিত চলচ্চিত্ৰখনিৰ ৩ খনকৈ পোষ্টাৰ উন্মোচন কৰা হয়। উল্লেখ্য যে ‘কানীন’ চলচ্চিত্ৰখনে গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ-২০১৮ত দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি বহুলভাৱে সমাদৃত অসমীয়া চলচ্চিত্ৰ ‘অন্তৰীণ’-ৰ পিছত এইখন মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি।

You may also read!

মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ এক ভয়ংকৰ অগ্নিকাণ্ড। মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। বিদ্যুৎ বিজুৰিত ফলত জুইৰ সূত্ৰপাত হোৱাৰ

Read More...

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাক নিলম্বনৰ দাবী অখিল গগৈৰ

গুৱাহাটী : নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাক নিলম্বনৰ দাবী অখিল গগৈৰ। অসমত জংঘলৰাজ চলিছে বুলি মন্তব্য কৰি প্ৰাক্তন ছাত্ৰ

Read More...

শনিবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে ৫ হাজাৰ ৫৮০ জন লোক

গুৱাহাটী : প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাই আছে ক’ভিড আক্রান্তৰ সংখ্যা। শনিবাৰৰ দিনটোত ৰাজ্যত ৫ হাজাৰ ৫৮০ জন লোক নতুনকৈ

Read More...

Mobile Sliding Menu