কামৰূপ, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ: শুকুৰবাৰে ৰাতিপুৱাৰে পৰা কামৰূপ সদৰ জিলাৰ বিভিন্ন কেন্দ্ৰত চলিল পুনৰ ভোটগ্ৰহন প্ৰক্ৰিয়া। যোৱা ৫ তাৰিখে অনুস্থিত হোৱা পঞ্চায়ত নিৰ্বাচনত দেখা দিয়া বিসংগতিৰ বাবে বন্ধ কৰি দিয়া হৈছিল ভোটগ্ৰহন প্ৰক্ৰিয়া । তাৰপিছতে শুকুৰবাৰে পুনৰ অনুস্থিত হয় পুনৰ ভোটগ্ৰহন প্ৰক্ৰিয়া । দক্ষিণ কামৰূপৰ ১২ নং ৰামপুৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ৩০ নং গুইমাৰা চিমিনা গাওঁ পঞ্চায়তৰ গুইমাৰা মজলীয়া বিদ্যালয় আৰু ৫ নং ছয়গাওঁ‌ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত বালাসিন্ধি প্ৰাথমিক বিদ্যালয়ত পুনৰ অনুস্থিত হয় ভোটগ্ৰহন প্ৰক্ৰিয়া। শুকুৰবাৰে ৰাতিপুৱা ৭ বজাৰে পৰা শাৰী শাৰী ডেকা- বৃদ্ধকে আদি কৰি দক্ষিণ কামৰূপৰ এই দুয়োটা কেন্দ্ৰত পুনৰ অনুস্থিত হয় ভোটগ্ৰহন প্ৰক্ৰিয়া । ২৯৬টা ভোটাৰ থকা ১২নং ৰামপুৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ৩০ নং গুইমাৰা চিমিনা গাওঁ পঞ্চায়তৰ গুইমাৰা মজলীয়া বিদ্যালয়ৰ কেন্দ্ৰটোত ৰাতিপুৱাৰে পৰা ভোটাৰে প্ৰদান কৰে নিজৰ নিজৰ ভোটসমুহ । শাৰীৰিক ভাৱে অসুস্থতাত ভুগা বৃদ্ধ লোকেও নিজৰ ভোট প্ৰদান কৰিবলৈ অহা পৰিলক্ষিত হয় চিমিনা গাও পঞ্চায়তৰ কেন্দ্ৰটোত। আনহাতে ছয়গাঁৱৰ ১৬ নং ছয়গাওঁ গাঁও পঞ্চায়তৰ ৫ নং ছয়গাওঁ‌ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত বালাসিন্ধি প্ৰাথমিক বিদ্যালয়তো পুনৰ অনুস্থিত হয় ভোটগ্ৰহন প্ৰক্ৰিয়া । ৫৫২ জন ভোটাৰ থকা কেন্দ্ৰটোত পুৱাৰে পৰা অনুস্থিত হয় ভোটগ্ৰহন প্ৰক্ৰিয়া ।