টিহু, সংবাদ ৩৬৫, ৮ ডিচেম্বৰ: ভাগ্য চক্ৰ কাৰ কেতিয়া উদয় হয় কোনেও নাজানে। জানে মাথো বিধাতাই হে। মাত্ৰ এটা ১০০ টকীয়া কুপনে জীৱন সলনি কৰি পেলালে টিহুৰ শাৰীৰিকভাৱে সক্ষম গিৰীণ ৰাজবংশীৰ লগতে তেওঁৰ পৰিয়ালৰ। অতি দ্ৰৰিদ্ৰ পৰিয়ালটোৱে কোনোমতেই জীৱন যাপন কৰি আহিছে। আৰু হঠাতে ভাগ্য চক্ৰ ৰথৰ চক্ৰৰ দৰে ঘূৰিল। ৯১তম হাউলি ৰাস মহোৎসৱত ভাগ্যৰ খেল লটাৰী খেলত নলবাৰী টিহুৰ পখুৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ গিৰীণ ৰাজবংশীয়ে লাভ কৰিলে প্ৰথম পুৰস্কাৰ সাতত্ৰিশ লাখ টকীয়া বিলাসী বাহন বি এম ডব্লিউ। বাহনখন লাভ কৰি পৰিয়ালটোৱে উৎফুল্লিত হৈ পৰিছে। উল্লেখযোগ্য যে প্ৰায় ছবছৰ পূৰ্বে এক মটৰ চাইকেল দূৰ্ঘটনাত গিৰীণ ৰাজবংশীয়ে দুযোখন ভৰি আৰু ককালত বেয়াকৈ আঘাট হৈছিল। তেতিয়াৰে পৰা পংগুত্বৰ জীৱন আৰম্ভ হৈছিল গিৰীণৰ। তেতিয়াৰ পৰা চাৰিজনীয়া পৰিয়ালটোৰ পানীত হাহ নচৰা হৈ পৰিছিল । আৰু মাতৃ, পুত্ৰ আৰু গিৰীণক পত্নী হিমানী ৰাজবংশীয়ে আনৰ ঘৰত বাহী বন কৰি পোহপাল দি আহিছিল কোনোমতে। আৰু গিৰীণ ৰাজবংশীয়ে দূৰ্ঘটনাৰ পিছৰে পৰা আৰ্থিক অনাটনৰ বাবে উপযুক্ত চিকিৎসা কৰিব নোবাৰাৰ ফলত তিনিচকীয়া চাইকেল আৰু পেঙত ভৰ দি জীৱন সংগ্ৰাম কৰি আহিছে। আনহাতে খেলখনত লাভ কৰা বি এম ডব্লিউ বাহন খন থবলৈ নাই ভাল গৃহ সেয়েহে বাহন খনৰ পৰা পোৱা টকাৰে পত্নীয়ে স্বামীক উন্নত চিকিৎসা কৰিব। ভাগ্য চকৰীত লাভ কৰা এই পুৰস্কাৰৰে যেন এতিয়া সুন্দৰ যাপন কৰিব পাৰিব অতি দুৰ্ভগীয়া পৰিয়ালটোৱে ।