নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ এপ্ৰিল : নিশা অসম আৰু অৰুণাচলত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ ৬.১ প্ৰাৱল্য। নিশা ১.৪৫ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ ফলত আতংকিত হৈ পৰে ৰাজ্যবাসী।

উল্লেখযোগ্য যে তিনিচুকীয়া, বাংলাদেশ আৰু ম্যানমাৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত। ভূমিকম্পৰ উৎপত্তি স্থল আছিল অৰুণাচল প্ৰদেশৰ আলং চহৰৰ পৰা ৪১ কিঃমিঃ দূৰত্বত।

ইফালে এই ভূমিকম্পৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন যোগেৰে ভূমিকম্পৰ ফলত হোৱা ক্ষয়-,ক্ষতিৰ সম্পৰ্কত বুজ লয় । মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ফেচবুক প্ৰফাইলত এক পোষ্টৰ জৰিয়তে সদৰী কৰিলে এই কথা।

অতি ব্যস্ত কাৰ্যসূচীৰ মাজতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ খা-খবৰ লৈ আন্তৰিকতা আৰু দায়বদ্ধতা দেখুৱালে তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে জনগণৰ হৈ ধন্যবাদ জ্ঞাপন কৰে।