পলাশবাৰী, সংবাদ ৩৬৫, ১১ মে’ : পথ নিৰ্মাণক লৈ অসম মেঘালয় সীমান্তত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ । অসম চৰকাৰৰ পথ নিৰ্মাণত বাধা আৰোপ কৰিছে মেঘালয়ৰ নাগৰিকে । কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা গাঁৱত আজি দীৰ্ঘ দিনৰ পৰাই সীমা বিবাদক লৈ চলি আহিছে উত্তেজনা ।

শেহতীয়াভাবে অসমৰ এটি পথ নিৰ্মাণকলৈ বৃদ্ধি পাইছে অধিক উত্তেজনা । এই উত্তেজনাৰ মূল খলনায়ক হৈছে মাইকেল ৱাজীৰী নামৰ এজন মেঘালয়ৰ বিশেষ ব্যক্তি । ৭৮বছৰীয়া এই বিশেষ ব্যক্তি জনে বিভিন্ন সময়ত অসমৰ বাসিন্দা সকলক নানা ধৰণৰ ভয় ভাবুকি দি আহিছিল । মেঘালয় সীমান্তৱৰ্তী অসমত যিকোনো উন্নয়ন কাম কৰিলেই মাইকেল ৱাজীৰী নামৰ লোকজনে ধন দাবী কৰাৰ লগতে আনকি পথচাৰী সকলোৰে পৰা দাবী ধমকি দি টকা ও সংগ্ৰহ কৰি আহিছিল ।

উল্লেখযোগ্য যে শেহতীয়াভাবে অসমৰ মাটিত এটি পথ নিৰ্মান হৈ আছে । এই পথটিত ব্যৱহাৰ হোৱা শিল বালি অন্য এটি পথেৰে নিবলগা হৈছে । আৰু এই পথটিৰ আধা অংশ মেঘালয়ৰ অন্তৰ্ভুক্ত হোৱা বাবে মাইকেল ৱাজীৰী নামৰ ব্যক্তি জনে পথ নিৰ্মাণ কৰি থকা ঠিকাদাৰ যান বাহন আদিৰ পৰা বলপূৰ্বক টকা সংঘৰ কৰাকলৈ অসমৰ বাসিন্দা সকলে ক্ষুব্ধ হৈ মাইকেল আৰু অসমৰ নাগৰিকৰ মাজত তৰ্কযুদ্ধ লিপ্ত হয় মাইকেলৰ ঘৰ লণ্ডভণ্ড কৰে । ইয়াকে লৈ সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয় । উত্তেজনা বৃদ্ধি হোৱাত মাইকেল নামৰ ব্যক্তি জনে অসমৰ বহু কেইজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

ঘটনা সন্দৰ্ভত আজি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুস্বপ্না কাকতিয়ে অসম মেঘালয়ৰ সীমান্তৱৰ্তী ভালাখোৱা গাওঁত উপস্থিত হৈ পৰিস্থিতি সন্দৰ্ভত বুজ লয় । অসমৰ মাটিত পথ নিৰ্মাণক লৈ মাইকেল নামৰ ব্যক্তি জনৰ কোনো আপত্তি নাই বুলি লিখিত ভাবে জনাইছিল বুলি বিধায়ক গৰাকীক অৱগত কৰায় । তাৰ পিছতো এই ব্যক্তি জনৰ এনে কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে আৰু অসম মেঘালয় সীমান্তৱৰ্তী সমূহ ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনায় ।

ইতিমধ্যেই ঘটনাৰ খলনায়ক মাইকেল ৱাজীৰী পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈকে প্ৰেৰণ কৰিছে । আনহাতে ৱাজীৰী এজাহাৰৰ ভিত্তিত মেঘালয় আৰক্ষী ও অসমৰ তিনি জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ।