গুৱাহাটী, ২৫ জুলাই, ২০২৬ : কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু ককৰোচ জনতা পাৰ্টিৰ সংগ্ৰামৰ বিজয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগে প্ৰমাণ কৰিলে যে অহংকাৰী শাসন, ক্ষমতাৰ দম্ভ আৰু মিছা প্ৰচাৰে জনতাৰ কণ্ঠক চিৰদিনৰ বাবে স্তব্ধ কৰিব নোৱাৰে। এই পদত্যাগ কেৱল এগৰাকী ব্যৰ্থ মন্ত্ৰীৰ বিদায় নহয়; এয়া দেশৰ লক্ষ লক্ষ শিক্ষাৰ্থীৰ বিজয়, যুৱ শক্তিৰ বিজয় আৰু ভাৰতীয় গণতন্ত্ৰৰ বিজয়।’’

অসম জাতীয় পৰিষদে এই ঐতিহাসিক গণআন্দোলনৰ নেতৃত্ব দিয়া ককৰোচ জনতা পাৰ্টি, অভিজিৎ দীপকে আৰু সোণম ৱাংচুকৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-যুৱক-যুৱতীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয়, ‘‘তেওঁলোকে প্ৰমাণ কৰিলে যে সত্য, সাহস আৰু সংগঠিত জনমতৰ আগত কোনো চৰকাৰ অজেয় নহয়।’’ কিন্তু অসম জাতীয় পৰিষদে স্পষ্টভাৱে ক’ব বিচাৰে-এয়া শেষ নহয়, এয়া আৰম্ভণি। আমাৰ লক্ষ্য কেৱল এগৰাকী ব্যৰ্থ মন্ত্ৰীৰ পদত্যাগ নহয়। আমাৰ লক্ষ্য হৈছে দুৰ্নীতি, প্ৰশ্নকাকত ফাদিল, ৰাজনৈতিক হস্তক্ষেপ আৰু জবাবদিহিহীনতাই পংগু কৰি তোলা শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰ। শিক্ষাৰ্থীৰ ভৱিষ্যৎক জুৱা খেলৰ দৰে ব্যৱহাৰ কৰা ব্যৱস্থাটোৰ সম্পূৰ্ণ পৰিৱৰ্তন নোহোৱালৈকে এই আন্দোলন শেষ হোৱা নাই।

এই আন্দোলনৰ সময়ত চৰকাৰৰ পদলেহন কৰি শিক্ষাৰ্থীৰ ন্যায্য দাবীক উপহাস কৰা, আন্দোলনক হেয়জ্ঞান কৰা আৰু সত্যক বিকৃত কৰা তথাকথিত বুদ্ধিজীৱীসকলৰ ভূমিকাও দেশবাসীয়ে কেতিয়াও পাহৰিব নালাগে। ইতিহাসে তেওঁলোকক ক্ষমা নকৰিব বুলিও কয় লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই। অসম জাতীয় পৰিষদে কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে যে এগৰাকী মন্ত্ৰীৰ পদত্যাগে জনতাৰ ক্ষোভ স্তব্ধ কৰিব নোৱাৰে। শিক্ষাৰ্থীৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ তাৎক্ষণিকভাৱে শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰ, সম্পূৰ্ণ স্বচ্ছতা আৰু কঠোৰ জবাবদিহিতা নিশ্চিত কৰিবই লাগিব।লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই পুনৰ কয় যে এই দেশ কাৰোবাৰ সম্পত্তি নহয়। এই দেশ শিক্ষাৰ্থীৰ, এই দেশ জনতাৰ। এই দেশ জীয়াই থাকিব লাগিব, আৰু এই দেশৰ নাগৰিক জীয়াই থাকিব লাগিব-নিজৰ শিৰ উচ্চ কৰি। বিজেপি দল আৰু চৰকাৰে গণতান্ত্ৰিক প্ৰমূল্যক সন্মান কৰিবলৈ শিকক বুলিও কয়।