শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২৬ জুলাই: অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ভদ্ৰকৃষ্ণ গোস্বামী প্ৰভুৰ পৰলোক প্ৰাপ্তি। জকাই সত্ৰৰ সত্ৰাধিকাৰ ,সত্ৰীয়া সংস্কৃতিৰ সাধক ,প্ৰচাৰ প্ৰসাৰক সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী প্ৰভু বৃহস্পতিবাৰে  ৮৫ বছৰ বয়সত
ইহলীলা ত্যাগ কৰে। সত্ৰাধিকাৰ গোস্বামীৰ বিয়োগে সত্ৰীয়া সমাজখনৰ বাবে অপূৰনীয় ক্ষতি ।অসম সত্ৰ মহাসভাৰ দুবাৰকৈ সভাপতি পদত অলংকৃত কৰা ভদ্ৰকৃষ্ণ গোস্বামীৰ নেতৃত্বত অসম সত্ৰ মহাসভাই গুৱাহাটীৰ পৰা ভেলা মধুপুৰলৈকে অৰ্থাৎ নামনি অসমত সত্ৰ মহাসভাক শক্তিশালী ৰূপ প্ৰদান কৰিছিল।গোস্বামী প্ৰভুৰ বিয়োগত শোক প্ৰকাশ কৰিছে শিৱসাগৰ জিলাৰ সত্ৰ মহাসভাৰ সভাপতি তুলসী শেনচোৱা,কাৰ্য্যকৰী সভাপতি নিৰঞ্জন মহন্ত,সম্পাদক গৌতম কোঁ‌চে।শিৱসাগৰ জিলাৰ সত্ৰ মহাসভাই
শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে।