গুৱাহাটী, ২৬ জুন, ২০২৬ : বাৰ্ষিক অম্বুবাচী মেলা উপলক্ষ্যে কামাখ্যা মন্দিৰলৈ আগমন ঘটা বিপুল সংখ্যক তীৰ্থযাত্ৰীক সাহাৰ্য আগবঢ়োৱাৰ এক ধাৰাবাহিক পদক্ষেপ ৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) মহিলা কল্যাণ সংস্থাই (এনএফআৰডব্লিউডব্লিউও) ইয়াৰ সভানেত্ৰী শালিনী শ্ৰীবাস্তৱৰ নেতৃত্বত কামাখ্যা ৰে’লৱে ষ্টেচনত খাদ্য বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলক এই পবিত্ৰ উৎসৱৰ সময়ত স্বাচ্ছন্দ্য আৰু সাহাৰ্য প্ৰদান কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হয়।
মানৱ সেৱাৰ এই মহান পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱে মহিলা কল্যাণ সংস্থাই তীৰ্থযাত্ৰী আৰু ভক্তসকলৰ কল্যাণ আৰু মঙ্গলৰ প্ৰতি তাৰ দায়বদ্ধতা দৃঢ়তাৰে প্ৰতিষ্ঠিত কৰি এই অঞ্চলৰ অন্যতম তাৎপর্যপূৰ্ণ ধৰ্মীয় সমাৱেশৰ সময়ত অতি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। ইয়াৰ উপৰিও, অম্বুবাচী মেলাৰ সময়ত তীৰ্থযাত্ৰীক প্ৰদান কৰা সাহাৰ্য ব্যৱস্থাৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱে ভাৰত স্কাউটছ এণ্ড গাইডছৰ সদস্যসকলক এই সংমণ্ডলৰ গুৰুত্বপূৰ্ণ ৰে’লৱে ষ্টেচনসমূহত নিয়োজিত কৰা হৈছে আৰু স্বেচ্ছাসেৱকসকলে ভিৰ নিয়ন্ত্ৰণ, নীতি-নিৰ্দেশনা আৰু তথ্য প্ৰদানৰ জৰিয়তে তীৰ্থযাত্ৰীসকলক সাহাৰ্য আগবঢ়াইছে, যাৰ ফলত হাজাৰ হাজাৰ তীৰ্থযাত্ৰী আৰু যাত্ৰীসকলৰ বাবে অধিক সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যময় ভ্ৰমণ সুনিশ্চিত কৰা হৈছে।
তীৰ্থযাত্ৰীসকলৰ প্ৰতি আৰু অধিক সাহাৰ্য উপলব্ধ কৰাৰ অংশৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাণিজ্য বিভাগেও গুৱাহাটী ৰে’লৱে ষ্টেচনত কামাখ্যা মন্দিৰলৈ যোৱা ভক্তসকলৰ বাবে খাদ্য বিতৰণ কাৰ্যসূচী আয়োজন কৰিছে। এই পদক্ষেপৰ জৰিয়তে যাত্ৰাৰ সময়ত তীৰ্থযাত্ৰীসকলক অধিক সুবিধাজনক ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা হয়। তীৰ্থযাত্ৰীৰ প্ৰত্যাশিত ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যাৰ সৈতে অসম আৰু উত্তৰ বংগৰ গুৰুত্বপূৰ্ণ গন্তব্যস্থলসমূহ সংযোগ কৰি কেইবাখনো বিশেষ অসংৰক্ষিত ৰে’ল সেৱা পৰিচালন কৰি আছে। ইয়াৰ উপৰিও, বিভিন্ন সাধাৰণ যাত্ৰীবাহী ৰে’লত অস্থায়ীভাৱে কোচ সংখ্যা বৃদ্ধি কৰা হৈছে যাতে অম্বুবাচী মেলাৰ সময়ছোৱাত পৰিবহনক্ষমতা বৃদ্ধি হোৱাৰ লগতে সুগম যাত্ৰা সুনিশ্চিত হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱে বিভিন্ন বিভাগ, সংগঠন আৰু স্বেচ্ছাসেৱকৰ সমন্বিত প্ৰচেষ্টাৰে অম্বুবাচী মেলাৰ সময়ছোৱাত সুৰক্ষিত, সুবিধাজনক আৰু যাত্ৰী-অনুকূল সেৱা প্ৰদান কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
