অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ প্ৰচেষ্টাৰে হাউলীৰ বৰবালাত সজাগতা সভা

In ৰাজ্য
Umra Package

বৰপেটা, ১৪ মে’ : বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত বৰবালা ছোৱালী এম ই মাদ্ৰাছা প্ৰেক্ষাগৃহত জাৰাবাৰী, পুটলাৰটাৰী, বৰবালা, বেতবাৰী, কালঝাৰ, কুজাৰপীঠ, ইটাৰভিটা গাওঁৰক্ষী বাহিনীৰ যৌথ উদ্দ্যোগত বৰ্তমান দেশৰ সমাজ ব্যৱস্থাৰ ওপৰত বিশেষকৈ হত্যা- হিংসা, লুণ্ঠন, বাল্য-বিবাহ, শিশু শ্ৰমিক, মদ-জুৱা ইত্যাদি অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দ্যশো আগত ৰাখি এক সজাগতা সভা অনুষ্টিত কৰা হয়৷উক্ত সজাগতা সভাৰ সভাপতিত্ব কৰে অৱসাৰপ্ৰাপ্ত শিক্ষক ফজলুৰ ৰহমান৷সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হাউলী থানা এলেকাৰ গাওঁৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদক আব্দুল বাদশ্বা আহমেদ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাউলী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে তেওঁৰ ভাষনত ৰাইজে অঞ্চলৰ ৰাজহুৱা বা ব্যক্তিগত সমস্যা হ’লে যাতে কোনো দালালক আশ্ৰয় নিদিয়ে তাৰে আহ্বান জনায়৷ উক্ত সভাত বিশিষ্ট অতিথি বৰপেটা জিলা আমছুৰ উপ-সভাপতি মনিৰুজ জামানে নিজৰ ভাষণত সুস্থ-সবল সমাজ গঢ়িবলৈ হ’লে প্ৰত্যক জন মানুহে নিজে নিজক প্ৰথমে শুধৰাব লাগিব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷ ইয়াৰোপৰি উক্ত সভাখনত উপস্থিত থাকে হাউলী থানা এলেকাৰ চক্ৰ সংগঠক যোগেন দাস, নৱাগত কবি ময়দুল ইছলাম, শিক্ষক মাজেদুৰ ৰহমান, আতোৱাৰ ৰহমান (গাওঁবুঢ়া), ভেলুচিটী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ গোলাপ হুছেইন আদিকে ধৰি ভালে কেইগৰাকী মান বিশিষ্ট ব্যাক্তি।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu