নিউজ ডেস্ক, ২৩ অক্টোবৰ, ২০২৬ : জনসাধাৰণৰ অংশগ্ৰহণ আৰু সঁহাৰিমূলক প্ৰশাসন ব্যৱস্থা শক্তিশালীকৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২২ অক্টোবৰত, ইয়াৰ অধীনস্থ সমগ্ৰ মণ্ডল আৰু ষ্টেচনত “ৰে’ল জন সংবাদ” (Rail Jana Sangbad) অভিযানৰ আয়োজন কৰে। ৰে’ল মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি আৰু বিশেষ অভিযান ৬.০ ৰ অংশ হিচাপে ৰূপায়ণ কৰা এই পদক্ষেপে ষ্টেচন চৌহদতে ৰে’লৱে কৰ্তৃপক্ষ আৰু যাত্ৰীসকলৰ মাজত প্ৰত্যক্ষ মত-বিনিময়ৰ এক মঞ্চ গঢ়ি তুলিছে। এই কাৰ্যসূচীৰ জৰিয়তে যাত্ৰীসকলে নিজৰ ভ্ৰমণৰ অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে বিভিন্ন সমস্যা উত্থাপন আৰু সেৱাৰ উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ সুযোগ লাভ কৰে।
ৰে’লৰ ভিতৰত যাত্ৰীৰ আৰাম-সুবিধা, ষ্টেচনৰ আন্তঃগাঁথনিগত সা-সুবিধা আৰু খাদ্য যোগান সেৱাৰ গুণগত মান সম্পৰ্কে যাত্ৰীসকলৰ মতামত সংগ্ৰহৰ উদ্দেশ্যে ৰে’লৱেৰ বিষয়া, আগশাৰীৰ কৰ্মচাৰী আৰু বাণিজ্যিক পৰিদৰ্শকসকলক লৈ গঠিত নিৰ্দিষ্ট দলসমূহে ষ্টেচনৰ যাত্ৰী সমাগমস্থলী আৰু অপেক্ষাগৃহসমূহত যাত্ৰীসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে। এই পদক্ষেপে যাত্ৰীসকলক তেওঁলোকৰ সমস্যা আৰু অসুবিধাসমূহ দাঙি ধৰাৰ লগতে ৰে’ল সেৱাৰ মান উন্নত কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ এক সহজলভ্য মঞ্চ প্ৰদান কৰিছে। মহাপ্ৰবন্ধক, অতিৰিক্ত মহাপ্ৰবন্ধক আৰু মণ্ডল ৰে’লৱে প্ৰবন্ধকসকলকে ধৰি জ্যেষ্ঠ ৰে’লৱে বিষয়াসকলৰ নেতৃত্বত ৰূপায়ণ কৰা এই অভিযানে ‘জন কি আৱাজ, যুৱ কি সোচ আৰু ৰে’ল কা সমাধান’ শীৰ্ষক দৰ্শনক আধাৰ হিচাপে গ্ৰহণ কৰিছে।
যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপনৰ উদ্দেশ্যে গ্ৰহণ কৰা ‘ৰে’ল জন যুৱ সংবাদ’ শীৰ্ষক বিশেষ পদক্ষেপৰ জৰিয়তে যুৱ যাত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক ৰে’ল যাত্ৰাৰ অভিজ্ঞতা উন্নত কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে নিজৰ মতামত, উদ্ভাৱনী ধাৰণা আৰু পৰামৰ্শ আগবঢ়াবলৈ উৎসাহিত কৰা হৈছে। এই অভিযানে ৰে’ল যাত্ৰাৰ সুৰক্ষা সম্পৰ্কে যাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। ৰে’লৰ ফুটব’ৰ্ডত থিয় হৈ যাত্ৰা কৰা আৰু অসুৰক্ষিতভাৱে ৰে’লপথ অতিক্ৰম কৰাৰ দৰে বিপজ্জনক কাৰ্যৰ পৰা বিৰত থাকিবলৈ যাত্ৰীসকলক সজাগ কৰা হৈছে। ৰে’লৱেৰ কৰ্মচাৰীসকলে সুৰক্ষিত যাত্ৰাৰ নিয়মসমূহ মানি চলাৰ বাবে যাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে।
‘জন সংবাদ’ কাৰ্যসূচীৰ সময়ত সংগ্ৰহ কৰা যাত্ৰীসকলৰ মতামতসমূহ পদ্ধতিগতভাৱে ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ লগতে পৰ্যালোচনা কৰা হ’ব। ইয়াৰ জৰিয়তে তাৎক্ষণিকভাৱে মনোযোগ দিয়াৰ প্ৰয়োজন হোৱা সমস্যা আৰু বিভাগীয় সমন্বয় তথা দীৰ্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে সমাধান কৰিবলগীয়া বিষয়সমূহ চিনাক্ত কৰা হ’ব। যাত্ৰীসকলৰ পৰামৰ্শসমূহক বাস্তৱসন্মত উন্নয়নমূলক পদক্ষেপলৈ ৰূপান্তৰিত কৰি ৰে’ল সেৱাৰ ক্ষেত্ৰত দায়বদ্ধতা আৰু স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ আস্থা অধিক সুদৃঢ় কৰাই এই পদক্ষেপৰ মূল লক্ষ্য।
