আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তক সোণৰ পদক

In ৰাজ্য
Umra Package

গুৱাহাটী

১ অক্টোবৰ

অসম আৰক্ষী দিৱস উপলক্ষে অসম আৰক্ষীৰ সহকাৰী ইন্সপেক্টৰ জেনেৰেল আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তক সোণৰ পদক প্ৰদান কৰা হয়। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ অভিযান, সন্ত্ৰাস বিৰোধী অভিযানকৰে ধৰি গঁড় চিকাৰী বিৰোধী অভিযানৰ লগতে বিগত সময়ছোৱাত এই গৰাকী সাহসী আই পি এছ বিষয়া গৰাকীয়ে বিভিন্ন অপৰাধ বিৰোধী অভিযান চলাই লাভ কৰা সফলতাৰ বাবে আই পি এছ বিষয়া গৰাকীক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সোণৰ পদক প্ৰদনা কৰা হয়।

অসম আৰক্ষীৰ সহকাৰী ইন্সপেক্টৰ জেনেৰেল আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্ত যোৰহাট জিলাত ২০১৯ চনত সংঘটিত হোৱা সুৰা কাণ্ডৰ তদন্তৰ দায়িত্বত আছিল। আই পি এছ বিষয়া গৰাকীয়ে দেশ কঁপাই যোৱা টীয়াক চাহ বাগানত চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বতো আছিল আৰু বিষয়া গৰাকীৰ নেতৃত্বত ২২ দিনত দেবেন দত্তৰ হত্যাকাণ্ডৰ ৬০২ পৃষ্ঠাৰ চার্জশ্বিট দাখিল কৰা হৈছিল। বিষয়া গৰাকীয়ে বিভিন্ন অপৰাধজনিত ঘটনা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

অসম আৰক্ষীৰ সহকাৰী ইন্সপেক্টৰ জেনেৰেল আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তৰ লগতে তিনিচুকীয়াৰ এছ পি, আই পি এছ বিষয়া শিলাদিত্য চেতিয়া, আই পি এছ বিষয়া ৰমনদ্বীপ কৌৰ, আই পি এছ বিষয়া অভিজিৎ গৌৰৱৰ লগতে মুঠ ১৩ গৰাকী আৰক্ষী বিষয়াই সোণৰ পদক লাভ কৰে।

বৃহস্পতিবাৰে অসম আৰক্ষীৰ দিৱস উপলক্ষে ১৩ গৰাকী আৰক্ষী বিষয়াক সোণৰ পদক আৰু ৬৬ গৰাকী আৰক্ষী বিষয়া, জোৱানক ৰূপৰ পদক প্ৰদনা কৰা হয়। অসম আৰক্ষীত কৰ্তব্যৰত এই আৰক্ষী বিষয়া আৰু জোৱান সকলক প্ৰশংসা সূচক সোণৰ আৰু ৰূপৰ পদক প্ৰদনা কৰা হয়।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu