নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) যাত্ৰী আৰু ইয়াৰ কৰ্মচাৰীবৰ্গৰ স্বাস্থ্য, সুৰক্ষা আৰু কল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি বিভিন্ন ষ্টেচন আৰু ৰে’লৱে প্ৰাংগণত পানীৰ গুণগত মানদণ্ড নিৰীক্ষণৰ বাবে তীব্ৰ অভিযান চলাইছে। অবিৰতভাৱে চলি থকা এই অভিযানৰ অংশ হিচাপে, যাত্ৰীসকলে ব্যৱহাৰ কৰা পানীৰ উৎসসমূহৰ পৰা খোৱা পানীৰ নমুনা সংগ্ৰহ কৰি নিৰ্ধাৰিত সুৰক্ষা মানদণ্ডৰ অনুপালন নিশ্চিত কৰাৰ বাবে পানীৰ ভৌতিক, ৰাসায়নিক আৰু বেক্টেৰিয়াল পৰীক্ষণ পদ্ধতিগতভাৱে কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে ২১ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটী আৰু কামাখ্যা ষ্টেচনৰ পৰা পানীৰ বিভিন্ন ভৌতিক আৰু ৰাসায়নিক পৰিমাপৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ কৰা হয়।
২১ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে চলোৱা শেহতীয়া অভিযানত গুৱাহাটী ষ্টেচনৰ অপেক্ষা কক্ষৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাৰ পিএইচ, টাৰ্বিডিটি, টোটেল হাৰ্ডনেচ, নাইট্ৰেট, আইৰণ, ৰেছিডুৱেল ফ্ৰি ক্ল’ৰিন, এলকালিনিটি, ফ্লুৰাইড আৰু কেলচিয়াম আদি পৰিমাপৰ বাবে পৰীক্ষণ কৰা হয়। প্ৰতিটো পৰিমাপেই স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেনে-পিএইচ-এ পানীৰ ৰাসায়নিক ভাৰসাম্য আৰু গ্ৰহণযোগ্যতা সূচায়; টাৰ্বিলিটিয়ে পানীত থকা অসুৰক্ষিত অশুদ্ধি নিৰ্ণয় কৰে; হাৰ্ডনেচ আৰু কেলচিয়ামে খনিজ পদাৰ্থৰ পৰিমাণ প্ৰতিফলিত কৰে; নাইট্ৰেট আৰু আইৰণৰ পৰিমাণ নিৰীক্ষণ কৰি অতিৰিক্ত মাত্ৰাৰ সংস্পৰ্শ পৰিহাৰৰ দ্বাৰা সুৰক্ষা নিশ্চিত কৰিব পৰা যায়; আনহাতে ক্লোৰাইড আৰু এলকালিনিটিয়ে পানীৰ সোৱাদ আৰু স্থিৰতাত প্ৰভাৱ পেলায়।
নিৰ্ধাৰিত সীমাৰ ভিতৰত থকা ফ্লুৰাইডে দাঁতৰ স্বাস্থ্যৰ বাবে উপকাৰী আৰু পৰ্যাপ্ত ৰেছিডুৱেল ফ্ৰি ক্ল’ৰিন পানীত সৃষ্টি হোৱা দূষণৰ বিৰুদ্ধে ফলপ্ৰসূ বীজাণুনাশন নিশ্চিত কৰে। এই পৰীক্ষণৰ ৰিপোৰ্ট অনুসৰি নমুনাটো নিৰ্ধাৰিত মানদণ্ডৰ ভিতৰত আছিল। কামাখ্যা ষ্টেচনত দুটা ফিল্টাৰ কৰা পানীৰ নমুনা পৰীক্ষা কৰা হয়। ইয়াৰে এটা প্লেটফৰ্ম নং. ১, ভ্যাট নং. ৩ আৰু আনটো প্লেটফৰ্ম নং. ২ আৰু ৩, ভ্যাট নং. ২ ৰ পৰা সংগ্ৰহ কৰা হৈছিল। এই নমুনাসমূহো গুৱাহাটী ষ্টেচনত কৰা একে মানদণ্ড অনুসৰি পৰীক্ষা কৰা হয়। উপলব্ধ ভৌতিক-ৰাসায়নিক পৰীক্ষাৰ ফলাফলসমূহ সংশ্লিষ্ট ৰিপোৰ্টত নিৰ্ধাৰিত মানদণ্ডৰ ভিতৰত আছিল। ইয়াৰ লগতে পানীত থকা জীৱানুজনিত দূষণ ধৰা পেলাবলৈ আৰু পানীৰ পৰা উৎপন্ন ৰোগৰ পৰা সুৰক্ষাৰ বিষয়টো মূল্যায়নৰ বাবে বেক্টেৰিয়োলজিকেল পৰীক্ষণো কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই কোনো ধৰণৰ ত্ৰুটি ধৰা পৰিলেই যেন তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা হয়, সেইবাবে পানী জমা কৰি ৰখা টেংকীসমূহৰ লগতে ৱাটাৰ কুলাৰ, পাইপ লাইন, টেপ আৰু অন্যান্য পানী যোগান কেন্দ্ৰসমূহৰ নিয়মীয়া পৰিষ্কৰণৰ কামো গ্ৰহণ কৰি আহিছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰতিৰোধমূলক আৰু যাত্ৰী-কেন্দ্ৰিক পদক্ষেপৰ অংশ হিচাপে নিয়মীয়াকৈ পানীৰ নমুনা সংগ্ৰহ, পৰীক্ষাগাৰত পৰীক্ষণ আৰু ৰেছিডুয়েল ক্ল’ৰিন নিৰীক্ষণ কৰি আহিছে। এই ব্যাপক অভিযানসমূহে পানীৰ গুণগত মানত হোৱা যিকোনো পৰিৱৰ্তন সময়মতে চিনাক্ত কৰি তাৎক্ষণিক সংশোধনমূলক ব্যৱস্থা গ্ৰহণৰ সুযোগ প্ৰদান কৰে। ইয়াৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই সমগ্ৰ ৰে’লৱে নেটৱৰ্কত পৰিষ্কাৰ, স্বাস্থ্যসন্মত আৰু সুৰক্ষিত খোৱাপানী যোগান নিশ্চিত কৰাৰ প্ৰতি তাৰ দায়বদ্ধতাকে পুনৰ দৃঢ় কৰি তুলিছে।
