ছাহিদুল আলম

ডবকা

২১ অক্টোবৰ

এন ই ই টি আৰু জে ই ই ২০২০ পৰীক্ষাত উজলিল দৰিদ্ৰ পৰিয়ালৰ দুই কৃতি সন্তান৷ ডিমা হাছাওৰ কৃষকৰ পুত্ৰ হ’ব এখন পিছপৰা গাঁৱৰ প্ৰথমজন চিকিৎসক। কাৰ্বি আংলংৰ পাচলি ব্যৱসায়ীৰ কৃতি শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিলে জে ই ই (চূড়ান্ত) পৰীক্ষাত৷

আজমল চুপাৰ ৪০ ৰ জৰিয়তে সাফল্য কঢ়িয়াই আনিলে ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলংৰ দুই কৃতি শিক্ষাৰ্থীয়ে৷ বাসু জইচি ডিমা হাছাওৰ দৰিদ্ৰ কৃষকৰ সন্তান৷ বাসু জইচিয়ে বসবাস কৰা ডিমা হাছাওৰ অতিকৈ ভিতৰুৱা গাঁওখনৰ পৰা বৰ্তমানলৈকে নাই এজনো চিকিৎসক। এই ভিতৰুৱা গাঁওখনৰ পৰা বাসু জইচিয়ে প্ৰথম চিকিৎসক হ’বলৈ গৈ আছে৷ কিয়নো কৃতি শিক্ষাৰ্থী গৰাকীয়ে এন ই ই টি ২০২০ পৰীক্ষাত ৫৫২ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ গাঁওখনলৈ কঢ়িয়াই আনিছে গৌৰৱ৷ আনহাতে আনগৰাকী শিক্ষাৰ্থী সুমন কুমাৰ দাসৰ পিতৃয়ে পশ্চিম কাৰ্বি আংলংৰ জেংখাত এখন পাচলি বিক্রেতা। শিক্ষাৰ্থীগৰাকীয়ে জে ই ই (চূড়ান্ত) পৰীক্ষাত ৮৮ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ এন আই আই টি শিলচৰত ইঞ্জিনিয়াৰিঙত নাম ভৰ্তি কৰিছে৷ দুয়োগৰাকী শিক্ষাৰ্থীক আজমল চুপাৰ ৪০ ৰ জৰিয়তে আজমল ফাউণ্ডেশ্যনে বিনামূলীয়া অধ্যয়নৰ সুবিধা প্ৰদান কৰাৰ লগতে মাহিলী জলপানি প্ৰদান কৰিছিল৷ আজমল ফাউণ্ডেশ্যনৰ সহায়ৰ বাবেই আজি এগৰাকী কৃষক আৰু এগৰাকী পাঁচলি ব্যৱসায়ীৰ পুত্ৰই চিকিৎসক, ইঞ্জিনিয়াৰ হোৱাৰ সপোন পূৰণ কৰিবলৈ গৈ আছে৷

এই দুই কৃতি শিক্ষাৰ্থীৰ সাফল্যত উৎফুল্লিত দুয়ো গৰাকী শিক্ষাৰ্থীৰ গাঁও দুখনৰ বাসিন্দা৷ ইফালে দুয়ো কৃতি শিক্ষাৰ্থীক বুধবাৰে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা ড° খছৰুল ইছলাম আৰু আজমল চুপাৰ ৪০ ৰ বিষয়া আব্দুৰ কাদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷