আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
২১ অক্টোবৰ

আগন্তক ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মিত্ৰযোঁটে উজনি অসমৰ সৰ্বাধিক আসন লাভ কৰিব বুলি ভৱিষ্যতবাণী বিধায়ক ৰকিবুল হুছেইনৰ। দলীয় সাংগঠনিক কামত শিৱসাগৰলৈ আহি ৰকিবুল হুছেইনে তুলাধুনা দি গ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

বুধবাৰে দলীয় সাংগঠনিক কামত শিৱসাগৰত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ দলৰ বিধায়ক ৰকিবুল হুছেইন। দলীয় সাংগঠনিক কামত শিৱসাগৰলৈ আহি নগৰৰ জেঙণিকটীয়াত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছ দলৰ জেষ্ঠ নেতাগৰাকীয়ে আগন্তুক ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ মিত্ৰতায়ে বিজেপি বিৰোধী সংযুক্ত মৰ্চাক সহায় কৰিব বুলি কয়। তেওঁ কয় যে বদৰুদ্দিন আজমলৰ লগত কংগ্ৰেছ দলৰ মিত্ৰতাক লৈ বিজেপি দলৰ ৰাজনৈতিক বিশেষজ্ঞ হিমন্ত বিশ্ব শৰ্মাৰ অংকত জংকপংক লাগিছে। যাৰ বাবে তেওঁ উজনিত আহি বাৰেবিংকৰি কথা বকি আছে। কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে প্ৰকৃততে আজমল পাৰ্টীৰ লগত আনুষ্ঠানিক মিত্ৰতা বিজেপিয়ে কৰি থৈছে। পঞ্চায়ত দখলৰ বাবে নগাঁও আৰু দৰংত কোনে বিজেপিৰ লগত মিত্ৰতা কৰিছিল বুলি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।নতেওঁ আৰু কয় যে এইবাৰ কংগ্ৰেছৰ মিত্ৰযোঁটে উজনিত সৰ্বাধিক আসন লাভ কৰিব।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাৰৰ উজনি ভ্ৰমণত বিজেপিৰ প্ৰতি সমষ্টিত পাঁচ হাজাৰকৈ ভোট কমিছে। ৰাইজে তেওঁৰ মিছলীয়া মুখ চাব নিবিচৰা হৈছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা গৰাকীয়ে। বৰ্তমান অসমত গঠন হৈ থকা সকলো ৰাজনৈতিক শক্তিক একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈও ৰকিবুল হুছেইনে নৱ গঠিত ৰাজনৈতিক দল সমূহক আহবান জনায়।