গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ: আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি অসমৰ ক্ৰীয়া জগতৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হল অসম কন্যা ভাগ্যৱতী কছাৰী। টুৰ্কীত অনুস্থিত হোৱা আন্তৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নচিপত সোনৰ পদকেৰে উজ্বলিল ওদালগুৰি জিলাৰ ভেৰগাওৰ অসম কন্যা ভাগ্যৱতী কছাৰী। সোনৰ পদক জিনি শনিবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে জনজাতীয় সংস্কৃতিৰে উষ্ম আদৰণী জনায় শতাধিক শুভকাংশীৰ লগতে আত্মীয়ই । আনহাতে মহিলা বক্সিং চেম্পিয়নচিপত সোনৰ পদক জিনাৰ লগতে ছাইন্টিফিক বক্সাৰ এৱাৰ্ডো জিনিছে ভাগ্যৱতী কছাৰীয়ে। এই এৱাৰ্ডৰ বাবে ভাগ্যৱতীয়ে বিভিন্ন ৱৰ্ল্ড চেম্পিয়নচিপত নিৰ্বাচিত হ’ব লগতে গুৱাহাটীত হবলগীয়া আন্তৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নচিপত ভাগ্যৱতীয়ে ইতিমধ্যে নিৰ্বাচিত হৈছে। ভাগ্যৱতীৰ এই সফলতাক লৈ উৎফুল্লিত তেওঁৰ পিতৃও। ভাগ্যৱতীয়ে এনে খেল পুনৰ খেলি আৰু আগুৱাই যাওক বুলি কয় পিতৃয়ে। অসমৰ নাম পুনৰ উজ্বলাওক এয়াই আশা ভাগ্যৱতীৰ পিতৃয়ে।