কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৭ জুনঃ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰূপসী মৌজাৰ মৌজাদাৰ আব্দুল হামিদ চৌধুৰীয়ে আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ব্যাপক লুণ্ঠণ চলাই থকাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে টকা লৈ আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ কৰাৰ দৃশ্য কেমেৰাটো বন্দী হৈছে। মৌজাদাৰ আব্দুল হামিদ চৌধুৰীয়ে প্ৰতিটো প্ৰমাণপত্ৰৰ বাবদ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্র-ছাত্ৰী সকলৰ পৰা ৫০-১০০ টকা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে। চৰকাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্র-ছাত্ৰী সকলৰ বাবে কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুবিধা প্ৰদান কৰিছে। দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্র-ছাত্ৰী সকলৰ কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ বাবে পৰিয়াল আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হোৱাত আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ৰূপসী মৌজাৰ মৌজাদাৰ আব্দুল হামিদ চৌধুৰীয়ে বোৱাৰীয়েকৰ জড়িয়তে ব্যাপক লুণ্ঠণ চলাই থকা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। মৌজাদাৰ আব্দুল হামিদ চৌধুৰীয়ে বৌৱাৰী নাজমা চুলতানাক আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ কৰ্তৃত্ব প্ৰদান কৰি ছাত্ৰ ছাত্ৰী সকলৰ পৰা টকা সংগ্ৰহ কৰি আছে। এই সমগ্ৰহ দৃশ্য কেমেৰাত বন্দী হোৱাত নাজমা চুলতানাই সাংবাদিকৰ আগত সকলো স্বীকাৰ কৰি কয় যে কাগজ, কলম আৰু হাজিৰা নামতহে এই টকা সংগ্ৰহ কৰাৰ হৈছে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়াকৈ প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।