তিতাবৰ, সংবাদ ৩৬৫, ৬ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়কখনকলৈ বিজেপি দলৰ স্থিতি স্পষ্ট নোহোৱাত কংগ্ৰেছ দলৰ কেইজনমান নেতা আৰু বিধায়কে বিকল্প চৰকাৰৰ গঠনৰ কথা কৈ থকা সময়তে কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমত বিকল্প চৰকাৰৰ অসম্ভৱ বুলি মন্তব্য প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বুধবাৰে নিজৰ গৃহ সমষ্টি তিতাবৰৰ চৰাইপানী গাঁও পঞ্চায়তত বিধায়ক পুঁজিৰে নিৰ্মিত গীৰ্জা তথা কলা-কৃষ্টি কেন্দ্ৰ গৃহ মুকলি কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে মই বিকল্প চৰকাৰৰ কথা চিন্তা নকৰো। বিকল্প চৰকাৰ অসমত অসম্ভৱ। মই এইবোৰ কথাত সময় নষ্ট নকৰো। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে পুত্ৰ তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক লৈ ছ’চিয়েল মিডিয়াৰ যোগেৰে অপপ্ৰচাৰ চলাই থকা হৈছে বুলিও মন্তব্য কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মতে, গৌৰৱ গগৈয়ে অসমত এজনো বিদেশী নাই বুলি কোনো মন্তব্য প্ৰকাশ কৰা নাই। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ বাবে বিধানসভাৰ বিশেষ অধিবেশনৰ প্ৰয়োজন বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰাৰ লগতে কংগ্ৰেছৰ চৰকাৰৰ দিনত বিজেপিয়ে অসমত বিদেশী আছে বুলি কৈছিল কিন্তু এতিয়া কেন্দ্ৰত বিজেপি চৰকাৰখনে চৰি বছৰ সম্পূৰ্ণ কৰাৰ পিছতো কয় এজনো বিদেশী খেদিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে।