আৰক্ষীৰ জালত ব্ৰাউন চুগাৰ সহ এজন সৰবৰাহকাৰী

In ৰাজ্য
TheChocolateRoomTezpur

কুন্দন ভৰালী

১৬ অক্টোবৰ

পুনৰ নগাঁৱত আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী। এইবাৰ ব্ৰাউন চুগাৰসহ নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন সৰবৰাহকাৰীক।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত বৃদ্ধি পাইছে বিভিন্ন নিচাজাতীয় সমগ্রীৰ ৰমৰমীয়া বেহা। বিশেষকৈ নগাঁও জিলাৰ চুকে কোনে সহজলভ্য হৈ পৰিছে বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় সমগ্রী। জিলাখনত আৰক্ষীয়ে নিচাজাতীয় সমগ্রীৰ বিৰুদ্ধে অভিযান চলাই বিভিন্ন সময়ত বৃহৎ পৰিমাণৰ নিচাজাতীয় সমগ্রী জব্দ কৰাৰ লগতে এই বেহাৰ।লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী বিষয়া কে কে বৰদলৈয়ে পুনৰ নিচাজাতীয় সমগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বালুগুটিয়াৰ পৰা ব্ৰাউন চুগাৰসহ আটক কৰে আব্দুল মালেক নামৰ এজন সৰবৰাহকাৰীক।আটকাধিন আব্দুল মালেকৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন আৰু ছশ টকাও জব্দ কৰে।

জানিব পৰা মতে আব্দুল মালেক নামৰ ব্ৰাউন চুগাৰ সৰবৰাহকাৰী জনৰ ঘৰ ধিংৰ ধূপগুৰিত। ধৃত আব্দুল মালেক দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি ব্ৰাউন চুগাৰৰ সৰবৰাহ চলাই আছিল। হয়বৰগাঁও আৰক্ষীয়ে বৰ্তমান ধৃত আব্দুল মালেকক অধিক তথ্যৰ বাবে জেৰা চলাই আছে বুলিও জানিব পৰা গৈছে।

You may also read!

বিভেদগামী সকলৰ প্ৰৰোচনাত পৰি বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ কথা কৈছে

মুস্তাক আহমেদ জুৰীয়া ২৮ অক্টোবৰ বিভেদগামী সকলৰ প্ৰৰোচনাত পৰি বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ কথা কৈছে। মিঞা সংগ্ৰহালয় সন্দৰ্ভত বিষ্ফোৰণ ৰাইজৰ

Read More...

ম্যাদ ওকলা সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰে শিৱসাগৰ চহৰ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৭ অক্টোবৰ শিৱসাগৰ দলমুখ চাৰিআলিৰ ৰিয়েল বজাৰ নামৰ ব্যৱসায়ীক প্ৰতিস্থানটোত ম্যাদ ওকলা সামগ্ৰী বিক্ৰী কৰাৰ

Read More...

হাজোৰ বুল্লুটত “আমাৰ প্ৰয়াস”ৰ উদ্দোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত আৰক্ষী উপ মহাপৰিদৰ্শক আবু ছুফিয়ান

আজিজ আলী হাজো ২৭ অক্টোবৰ হাজো অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান "আমাৰ প্ৰয়াস"ৰ উদ্দোগত মঙলবাৰে খোপনিকুছি উচ্চ মাধ্যমিক বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা

Read More...

Mobile Sliding Menu