গুৱাহাটী

১৬ অক্টোবৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত কোনো ব্যক্তিয়ে ৰেহাই নাপাই বুলি মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে বাৰম্বাৰ এই কথা ঘোষণা কৰি আহিছে। এইবাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদন্ত প্ৰক্ৰিয়া আগুৱাই নি চিআইডিয়ে প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত থকা মুখ্য সচিবৰ ভাতৃ সঞ্জীত কৃষ্ণক গ্ৰেপ্তাৰ কৰিলে। মুখ্যমন্ত্ৰীৰ বালিষ্ঠ পদক্ষেপক ভূয়সী প্ৰসংশা।

অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীকলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃঢ় পদক্ষেপ। মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ কঠোৰ নিৰ্দেশত অৱশেষত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত শুকুৰবাৰে ন্যালালয়ত হাজিৰ কৰোৱা হয়। নিজৰ চৰকাৰী বাসভাৱনৰ পৰাই উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল তেতিয়াৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণয়। উল্লেখযোগ্য যে যোৱা ১৮ ছেপ্টেম্বৰত সঞ্জীত কৃষ্ণই তেওঁৰ চৰকাৰী বাসভাৱনত ৪০ লাখ টকাৰ বিনিময়ত প্ৰশ্নকাকতৰ ছীল খুলি ৰুবুল হাজৰিকা নামৰ লোক এজনক প্রশ্নকাকত যোগান ধৰিছিল। ১০ অক্টোবৰত চিআইডিএ তেওঁৰ দুটাকৈ মোবাইল জব্দ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশনাত ১১ অক্টোবৰ ৰাবিবাৰে বন্ধৰ দিন হোৱা সত্বেও সঞ্জীতক কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ পদৰ পৰা আপসৰণ কৰা হয়। আনহাতে এই কেলেংকাৰীত জড়িত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হৈ থকা অৱস্থাত ধনদাবীৰ লগতে বিভিন্ন কেলেংকাৰীৰ বাবে পলাতক হৈ পুনৰ বাৰম্বাৰ কেলেংকাৰীত জড়িত হৈ থকা প্ৰশান্ত দত্ত নামৰ আৰক্ষী অধীক্ষক জনৰ ওপৰত এক শাস্তিমূলক স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি সচেতন মহলে দাবী জনায়। উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ সঞ্জীত কৃষ্ণ প্রশ্ন কাকত ফাদিল কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ হোৱাৰ পিছত অহা ৩০ অক্টোবৰত অৱসৰৰ গ্ৰহণ কৰিব লগা মুখ্য সচিব জনে নিজৰ চাকৰিৰ এক্সটেনশ্যনৰ পিছত দৌৰিবলৈ এৰি পদত্যাগ কৰা উচিত বুলি সচেতন মহলে দাবী উত্থাপন কৰে।

ইফালে এ পি এছ চি কেলংকাৰীৰ পিছতে ৰাজ্যৰ দ্বিতীয়টো বৃহৎ নিযুক্তি কেলংকাৰী অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া সম্পৰ্কে সংবাদ৩৬৫ ক নিখিল ৰাভা জাতীয় পৰিষদৰ উপ সভাপতি পূৰ্ণানন্দ ৰাভাই কয় “এই কেলেংকাৰীৰ তদন্ত চিআইডিৰ হাতত অৰ্পণ কৰি মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে সঠিক সিদ্ধান্ত লৈছে। বৰ্তমানলৈকে এই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া যি ধৰণে চলিছে ইয়াকলৈ মই সন্তুষ্ট। আশা কৰো যে এই কেলেংকাৰীৰ লগত জড়িত অন্যান্য ব্যক্তি সকলো অতি শীঘ্ৰে ধৰা পৰিব। আগন্তক সময়ত অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰী কেনে ধৰণে আগুৱাই যায় লক্ষ্যণীয় হ’ব। সৰু মাছক ধৰি ডাঙৰ মাছক যাতে এৰি দিয়া নহয় ইয়াৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব”।