গুৱাহাটী, সংবাদ ৩৬৫, ২৫ অক্টোবৰ: বহু প্ৰত্যাক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰা তালিকাৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ নাম দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ জৰিয়তে এন আৰ চিত অন্তৰ্ভূক্তি কৰাৰ ক্ষেত্ৰত বিপদগ্ৰস্থ মানুহক সহায় কৰাৰ উদ্দেশ্যে মুম্বাইস্থিত ‘চিটিজেন ফৰ জাষ্টিচ এণ্ড পিচ’ৰ তৰফৰ পৰা অসমত এক বিনামূলীয়া সহায়ক কেন্দ্ৰ মুকলি কৰা হৈছে৷ লগতে অসমৰ বিভিন্ন জিলাত থকা এন আৰ চি সেৱা কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত স্বেচ্ছাসেৱক নিয়োগ কৰি ৰাইজক সেৱা আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সংগঠনটোৱে৷ ‘চিটিজেন ফৰ জাষ্টিচ এণ্ড পিচ’ৰ অসম ৰাজ্যিক সমন্বয়ক বিশিষ্ট লিখক-সাংবাদিক জমশ্বেৰ আলীয়ে জনায় যে, ‘চিটিজেন ফৰ জাষ্টিচ এণ্ড পিচ’ৰ এই সহায়ক কেন্দ্ৰৰ ২৪ ঘন্টীয়া বিনামূলীয়া ফোন নম্বৰত ফোন কৰি নিজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় বিচাৰিব পাৰিব আৰু লগতে অসমৰ বিভিন্ন জিলাত থকা এন আৰ চি সেৱা কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত থকা স্বেচ্ছাসেৱক সকলৰ লগতো এই বিনামূলীয়া ফোন সহায়ক কেন্দ্ৰৰ জৰিয়তে যোগাযোগ কৰি প্ৰত্যক্ষ সহায় গ্ৰহণ কৰিব পাৰিব৷ ‘চিটিজেন ফৰ জাষ্টিচ এণ্ড পিচ’ৰ বিনামূলীয়া সেৱা কেন্দ্ৰ নম্বৰ ১৮০০-৩০০২-৫০৭৮ বুলি জনায় সমন্বয়ক গৰাকীয়ে৷