গুৱাহাটী, সংবাদ ৩৬৫, ২৬ অক্টোবৰ: শৰীৰ চৰ্চা প্ৰতিযোগিতাত পুনৰ উজ্বলি মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ জিনি বকোৰ কালিয়াবাড়ীৰ নিবাসী গোলাপ ৰাভা শুকুৰবাৰে দুপৰীয়া বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হয়। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰাভা জাতীয় কৃষ্টি-সংস্কৃতিত কপিঁ উঠে বিমানবন্দৰ আকাশ-বতাহ । উষ্ম আদৰণি জনায় বিভিন্ন দল-সংগঠনৰ লগতে অজশ্ৰ শুভকাংশী সকলে গোলাপ ৰাভাক। যোৱা ২১ অক্টোবৰত ইউৰোপৰ লিথুৱানিয়াত ডব্লিউ এফ এফ- ডব্লিউ বি বি এফয়ে আয়োজন কৰা মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল কৰি অসমৰ লগতে সমগ্ৰ দেশৰ নাম উজ্বলাই আনিছে গোলাপ ৰাভাই । শৰীৰ চৰ্চা প্ৰতিযোগীতাত আন্তঃৰাষ্ট্ৰীয় বহু কেইগৰাকী শৰীৰ চৰ্চা প্ৰতিযোগীক চেৰ পেলাই বিজয়ী মুকুট পিন্ধি ভাৰত তথা অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় গোলাপ ৰাভাই। বিশ্বৰ ক্ৰীড়াৰ মানচিত্ৰত উজলি উঠা ৰাভাই এই প্ৰতিযোগীতাত তিনিটাকৈ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়। বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনোৱাৰ লগতে বৰঝাৰ বিমানবন্দৰৰ পৰা এক বিশাল সমদলেৰে বকোলৈ লৈ যোৱা হয় অসম সন্তান গোলাপ ৰাভাক । আনহাতে গোলাপ ৰাভাই বৰ্তমানলৈ পোৱা নাই চৰকাৰৰ তৰফৰ পৰা কোনো সহযোগ। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৭ আৰু ২০১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়া খিতাপ আৰু ২০১৮ বৰ্ষতে মিষ্টাৰ এছিয়া খিতাপ দখল কৰিছিল ।