তামুলপুৰ, সংবাদ ৩৬৫, ২৫ অক্টোবৰ: কিশোৰীক যৌন নিৰ্যাতন কৰি ৰঙা ঘৰৰ আলহী হ’ল বৰপেটাৰ ধৃত যুৱক ৰফিকুল ইছলাম। এই ঘটনা সংঘটিত হয় তামুলপুৰ থানাৰ সৌৰাগুৰি গাঁৱত। প্ৰাপ্ত তথ্য অনুসৰি তামুলপুৰৰ অৱসৰ প্ৰাপ্ত এজন শিক্ষকৰ ঘৰত দুবছৰে ভাৰতীয়া হিচাপে আছিল বৰপেটা জিলাৰ কলগাছিয়াৰ ইউনুছ আলিৰ ধৃত পুত্ৰ ২৫ বছৰীয়া যুৱক ৰফিকুল ইছলাম। পেছাত ৰাজমিস্ত্ৰী হিচাপে শিক্ষক জনৰ ঘৰত ভাৰতীয়া আছিল। অন্যহাতে তেওঁলোকৰে অৰ্থাৎ অৱসৰ প্ৰাপ্ত এজন শিক্ষকৰ ঘৰৰ একে চৌহদতে ভাৰতীয়া হিচাপে আছিল তামুলপুৰৰে আন এটি পৰিয়াল। বুধবাৰে কিশোৰী গৰাকীয়ে প্ৰস্ৰাৱগাৰত সোমাওঁতে অকস্মাতে ধৃত ৰফিকুল ইছলামেও প্ৰস্ৰাৱগাৰৰ ভিতৰত সোমাই লৈ কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলায়। পিছত কিশোৰীগৰাকীৰ মাতৃয়ে ঘটনাটো প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে কিশোৰী গৰাকীক। তাৰ পাছত তামুলপুৰ আৰক্ষী থানাত ঘটনাৰ সবিশেষ জনায়। তামুলপুৰ আৰক্ষী থানাই ধৃত ৰফিকুলক আটক কৰি তেওঁৰ বিৰুদ্ধে গোচৰ(নং ৪১৯-১৮ ইউ এছ ৪ অফ পি অ চিএছ অ ) ৰুজু কৰে আৰু বৃহস্পতিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে।