গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুলাইঃ সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ৰাজ্যৰ এ পি এছ চি কেলেংকাৰীৰ তদন্ত অব্যহত থকাৰ মাজতে পুনৰ ১৯ জনকৈ ৰাজপত্ৰিত বিষয়ালৈ চমন জাৰি কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰা ১৯ জনকৈ ৰাজপত্ৰিত বিষয়াই অহা ১৮ জুলাইত গুৱাহাটীৰ কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰৰ পৰীক্ষা দিব লাগিব। ২০১৬ চনত নিযুক্তি লাভ কৰা এই বিষয়াকেইজনে ৰাকেশ পালক উৎকোচ দি চাকৰি লোৱাৰ সন্দেহত হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰিব তদন্তকাৰী আৰক্ষীয়ে। ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰা বিষয়াসকলৰ ভিতৰত আছে ১৩ জন এ চি এছ বিষয়া, ৩ জন এ পি এছ বিষয়া আৰু এজন জিলা পৰিবহন বিষয়া, এজন কৰ অধীক্ষক আৰু এজন কৰ পৰিদৰ্শক। ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰা এ চি এছ বিষয়া কেইগৰাকী হ’ল ক্ৰমে উৎপল ভূঞা, বৰ্ণালী দাস, সুশোভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰনপী, মুস্তাফা আহমেদ বৰভূঞা, মহম্মদ ছাইবুৰ ৰহমান বৰভূঞা, গণেশ চন্দ্ৰ দাস, শ্ৰাৱন্তী সেন গুপ্তা, দীক্ষিতা ফুকন, আৰু লীনা কৃষ্ণ কাকতি। এ পি এছ বিষয়া কেইগৰাকী হ’ল ক্ৰমে গুলছন দাউলাগাপু, পল্লৱী শৰ্মা আৰু ভাৰ্গৱ ফুকনক। ইয়াৰ উপৰিও জিলা পৰিবহণ বিষয়া সুৰঞ্জিতা হাজৰিকা, কৰ অধীক্ষক ঋতুৰাজ নেওগ আৰু কৰ পৰিদৰ্শক নিপন কুমাৰ পাঠকলৈও ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰিছে। উল্লেখ্য যে এ পি এছ চি কেলেংকাৰীৰ মহানায়ক ৰাকেশ পালৰ বজাৰৰ পৰা চাকৰি কিনি ইতিমধ্যে কেইবাজনো বিষয়া কাৰাগাৰত বন্দী হৈ আছে।