গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুলাইঃ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিশ সংস্কৃতিক প্ৰকল্পত অহা ১৮ তাৰিখৰ পৰা দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ’ব লগীয়া বিশাল হিন্দু সমাবেশত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডাঃ প্ৰবীন ভাই টোগড়ীয়াক ৰাজ্য চৰকাৰে যোগদান কৰাৰ অনুমতি প্ৰদান নকৰক লৈ ক্ষোভিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ আৰু ৰাষ্ট্ৰীয় বজৰংগ দল। ৰাজ্যৰ সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাকৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম শাখা আৰু ৰাষ্ট্ৰীয় বজৰংগ দলে প্ৰতিবাদ সাব্যস্ত কৰে। বিশাল হিন্দু সমাবেশত ডাঃ প্ৰবীন ভাই টোগড়ীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ প্ৰতিবাদত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম শাখা আৰু ৰাষ্ট্ৰীয় বজৰংগ দলে দেওবাৰে গুৱাহাটী প্ৰেছক্লাবৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। গুৱাহাটীৰ লগতে বৰপেটা জিলা বজৰং দলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বৰপেটা জিলা বজৰং দলে বিশাল হিন্দু সমাবেশত ডাঃ প্ৰবীন ভাই টোগড়ীয়াক প্ৰৱেশৰ অনুমতিৰ দাবী তুলি সোণোৱাল চৰকাৰক সকীয়াই দিয়ে যে যদি সমাবেশত ডাঃ প্ৰবীন ভাই টোগড়ীয়াক প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নহয় তেন্তে অধিক কঠোৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব।