মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৫ জুলাইঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সোণসহ এজন লোকক আটক কৰা হৈছে। বিমানযোগে গুৱাহাটীৰ পৰা অবৈধভাৱে মুম্বইলৈ সোণ সৰবৰাহ কৰাৰ চেষ্টা কৰোতে মহাৰাষ্ট্ৰৰ ডি কে নন্দীগিৰী নামৰ লোকজন চি আই এছ এফৰ তালাচিত ধৰা পৰে। মহাৰাষ্ট্ৰৰ লোকজনে ৪০০ গ্ৰাম সোণ গুহ্যদ্বাৰৰ লুকুৱাই ইণ্ডিগৰ ৬ ই ৪৩৩ বিমানখনেৰে মুম্বইলৈ যাত্ৰা কৰাৰ পূৰ্বে চি আই এছ এফৰ তালাচিত ধৰা পৰে। চি আই এছ এফয়ে লোকজনক সোধা পোছা কৰি শুল্ক বিভাগক গোটাই দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও অনুৰূপ ধৰণে সোণ সৰবৰাহ কৰাৰ চেষ্টাত বৰঝাৰস্থিত লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা এজন লোকক আটক কৰা হৈছিল। আনহাতে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰটো বহু পৰিমাণৰ সোণ জব্দ হয়। শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত চি আই এছ এফ আৰু শুল্ক বিভাগে অভিযান চলাই ১ কেজি ৬০০ গ্ৰাম সোণসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। বৰ্কত খান আৰু ৰাজেন্দ্ৰ শ্ৰীবাৰ নামৰ লোক দুজনে সোণখিনি নতুন দিল্লীলৈ সৰবৰাহ কৰাৰ পৰিকল্পনাৰে গুহ্যদ্বাৰত লুকুৱাই আনিছিল।