গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জুলাইঃ অসম লােকসেৱা আয়ােগৰ চাকৰি কেলেংকাৰীৰ লগত জড়িত থকা অভিযােগত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এ পি এছ বিষয়া কবিতা দাসৰ লগতে দুই দালালক সোমবাৰে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ধনৰ বিনিময়ত এ পি এছ চিৰ চাকৰি লোৱা কবিতা দাস, শৈলেন শৰ্মা বৰুৱা আৰু সুজিত চৌধুৰীক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বিশেষ ন্যায়াধীশৰ আদালতত। ডিব্ৰুগড় আৰক্ষীয়ে কবিতা দাসক দুলিয়াজনৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৰাকেশ পালৰ দুই দালাল ক্ৰমে শৈলেন শৰ্মা বৰুৱাক মঙলদৈ আৰু সুজিত চৌধুৰীক গুৱাহাটীত দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল। শৈলেন শৰ্মা বৰুৱা মঙলদৈ উকিল সন্থাৰ সম্পাদকৰ লগতে দৰং জিলা বিজেপিৰ উপ সভাপতি। আনহাতে সুজিত চৌধুৰী এ পি এছ চিৰ চাকৰি লৈ ৰঙাঘৰৰ আলহী হৈ থকা পল্লৱী শৰ্মা চৌধুৰীৰ স্বামী। ২০১৫ চনত এ পি এছ লাভ কৰা কবিতা দাসৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়ে জালিয়াতিত লিপ্ত হােৱাৰ তথ্য-প্রমাণ সংগ্রহ কৰিছিল যদিও ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত শইকীয়াই মুখ্যমন্ত্ৰীৰ নাম লৈ কবিতা দাসক সুৰক্ষা প্ৰদান কৰাৰ চেষ্টা কৰিছিল বুলি অভিযােগ উত্থাপিত হৈ আহিছিল যদিও ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাই দিগন্ত শইকীয়া এই ক্ষেত্ৰত কোনো ধৰণে জড়িত নহয় বুলি স্পষ্ট কৰে। শেহতীয়াকৈ ডেপুটেচনত ডিব্ৰুগড়ত থকা কবিতা দাসে অইলত কৰ্মৰত তেওঁৰ স্বামী সমীৰ মােহনৰ সৈতে গ্রেপ্তাৰৰ পৰা হাত সাৰিবলৈ কানাডালৈ পলায়নৰাে প্ৰস্তুতি চলাই থাকোতে দেওবাৰে আৰক্ষীৰ জালত পৰে। জানিব পৰা মতে, কবিতা দাসৰ এ পি এছ চি পৰীক্ষাৰ উত্তৰ বহীত যথেষ্ট বিসংগতি কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে।শেহতীয়াকৈ ডিব্ৰুগড় আৰক্ষীয়ে হস্তাক্ষৰৰ পৰীক্ষাৰ উদ্দেশ্যে কাহিলিপাৰালৈ মতাই আনি ১৯গৰাকী ৰাজপত্ৰিত বিষয়াক গ্রেপ্তাৰ কৰিছিল যদিও কবিতা দাস গ্ৰেপ্তাৰৰ পৰা বাচি থকাক লৈ যথেষ্ট চর্চা হৈছিল।