কোকৰাঝাৰ, ১৪ মে’ : ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গৃহ জিলাত লাগি থকা তথা কোকৰাঝাৰ চহৰৰ ১২ কিলোমিটাৰ নিলগত অৱস্থিত নায়েকগাঁও বনাঞ্চল আজি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে । নায়েকগাঁও বন সংমণ্ডলৰ অন্তৰ্গত উক্ত বনাঞ্চলত থকা প্ৰকাণ্ড – প্ৰকাণ্ড শাল গছসমূহ চোৰাং কাঠ ব্যৱসায়ীসকলে কাটি তহিলং কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ফটোসহকাৰে লিখিত আকাৰে অভিযোগ দিয়াটো ছ’চিয়েল মাধ্যমত সমপ্ৰচাৰিত হোৱাত আজি বন মন্ত্ৰীগৰাকীয়ে উক্ত বনাঞ্চলৰ বুজ লবলৈ আহি চোৰাং কাঠ ব্যৱসায়ীসকলে শাল গছ কাটি থকাটো নিজ চকুৰে প্ৰত্যক্ষ কৰে৷ মন্ত্ৰীক দেখা মাত্ৰেই চোৰাংকৈ গছ কটাসকলে পলাই সাৰে। মন্ত্ৰীগৰাকীয়ে এনে পৰিস্থিতি দেখা পাই সংবাদ মাধ্যমৰ আগত এইবুলি সদৰি কৰে যে এনে কাণ্ডত একাংশ বন বিভাগৰ বিষয়াসকলে জড়িত আছে। নায়েকগাঁও অঞ্চল যিহেতু বি টি চি অধীনত সেয়ে বি টি চিৰ সংশ্লিষ্ট বিভাগক ৰক্ষণা-ব্যক্ষণ দিয়াৰ বাবে আহ্বান জনায়। ইপিনে উক্ত বনাঞ্চল নজৰ ৰখাৰ বাবে দায়িত্বত থকা জ্যোতিষ কলিতা নামৰ এজনক আটক কৰা হয় যদিও পিছলৈ এৰি দিয়া হয়৷
কোকৰাঝাৰৰ নায়েকগাঁও বনাঞ্চল পৰিদৰ্শন বন মন্ত্ৰী প্ৰমীলাৰ
In ৰাজ্য
You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ
গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন
Read More...
USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি
খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স
Read More...
Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ
গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী
Read More...