গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল: দুটাকৈ বৃক্ক বিকল হােৱাৰ ফলত শয্যাশায়ী হৈ থকা প্ৰতিভাশালী যুৱ ফুটবলাৰ সুমিত ৰাভাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল কেন্দ্রীয় ক্রীড়ামন্ত্রী ৰাজ্যবর্ধন সিং ৰাথােড়। গুৱাহাটী চিটী ফুটবল ক্লাবে ‘টুইটাৰ যােগে ৰােগাক্রান্ত ফুটবলাৰগৰাকীৰ সহায়ৰ বাবে চলােৱা প্ৰচেষ্টাৰ পিছত এই সন্দৰ্ভত অৱগত হৈ ক্রীড়ামন্ত্ৰীগৰাকীয়ে সুমিতৰ সহায়ৰ বাবে সম্ভৱপৰ সকলাে ব্যৱস্থা গ্ৰহণ কৰিব বুলি অৱগত কৰাৰ লগতে ‘ছাই’ৰ বিষয়াবৰ্গক শীঘ্ৰে ফুটবলাৰগৰাকীৰ অৱস্থাৰ বুজ ল’বলৈ নির্দেশ দিয়া বুলি জানিব পৰা হৈছে। উল্লেখ্য যে ২৬ বছৰীয়া সুমিতে এবাৰ অসমক প্রতিনিধিত্ব কৰাৰ লগতে গুৱাহাটী টাউন ক্লাৱ, ছানৰাইজ ক্লাৱৰ লগতে বিভিন্ন ক্লাৱৰ হৈ খেলি আহিছিল। প্রখ্যাত মােহন বাগান ছেইল ফুটবল একাডেমীৰ অনূর্ধ্ব ১৮ ৰ দলকো তেওঁ প্রতিনিধিত্ব কৰিছিল। আর্থিকভাৱে দুর্বল পৰিয়ালৰ বাবে সুমিত ব্যয়বহুল চিকিৎসা অসম্ভৱ হৈ পৰাৰ পিছত গুৱাহাটী চিটী এফ চিয়ে ফুটবলাৰগৰাকীৰ স্বাৰ্থত ছ’চিয়েল মিডিয়াযােগে বিষয়টো সন্দৰ্ভত ফুটবল তথা ক্রীড়া জগতক অৱগত কৰােৱাৰ প্রয়াস চলাইছিল। এটা বিবৃতিত ক্লাৱৰ সঞ্চালক কৌস্তৱ চক্ৰৱৰ্তীয়ে ক্রীড়ামন্ত্রী ৰাথােড়ক তেওঁৰ তাৎক্ষণিক সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সুমিতৰ পৰিয়ালৰ সূত্রমতে ইতিমধ্যে ৰাথােড়ৰ নির্দেৰ্শত ‘ছাই’ৰ প্রতিনিধিয়ে পৰিয়ালটোক সাক্ষাৎ কৰি সকলাে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।
গুৱাহাটী চিটী এফ চিৰ উদ্যোগ অসমৰ ৰােগাক্রান্ত ফুটবলাৰৰ বাবে আগবাঢ়ি আহিল ক্রীড়ামন্ত্রী ৰাথােড়
In ক্ৰীড়াংগন, ৰাজ্য
You may also read!

তামুলপুৰত ছাত্র ছাত্ৰীৰ মৌন সমদল
তামুলপুৰ, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত তামুলপুৰৰ ছাত্র ছাত্ৰীৰ মৌন
Read More...
ভাৰত বিৰোধী মন্তব্য ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ বাবে দলগাঁৱত মঙ্গলবাৰে নিশা এজনক আটক
খাৰুপেটীয়া, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: পুলৱামা আক্ৰমনৰ পিচতে দেশত ভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ লগতে কোনো কোনোৱে আকৌ বিৰোধীমূলক মন্তব্য ছচিয়েল
Read More...
নৰ্থ কৰিমগঞ্জৰ বিধায়ক কমালক্ষডে পুৰকায়স্থ উপস্থিত বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী বাসগৃহত
তামুলপুৰ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কলবাৰীস্থিত পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা বীৰ ছহিদ মনেশ্বৰ
Read More...