গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল: দুটাকৈ বৃক্ক বিকল হােৱাৰ ফলত শয্যাশায়ী হৈ থকা প্ৰতিভাশালী যুৱ ফুটবলাৰ সুমিত ৰাভাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল কেন্দ্রীয় ক্রীড়ামন্ত্রী ৰাজ্যবর্ধন সিং ৰাথােড়। গুৱাহাটী চিটী ফুটবল ক্লাবে ‘টুইটাৰ যােগে ৰােগাক্রান্ত ফুটবলাৰগৰাকীৰ সহায়ৰ বাবে চলােৱা প্ৰচেষ্টাৰ পিছত এই সন্দৰ্ভত অৱগত হৈ ক্রীড়ামন্ত্ৰীগৰাকীয়ে সুমিতৰ সহায়ৰ বাবে সম্ভৱপৰ সকলাে ব্যৱস্থা গ্ৰহণ কৰিব বুলি অৱগত কৰাৰ লগতে ‘ছাই’ৰ বিষয়াবৰ্গক শীঘ্ৰে ফুটবলাৰগৰাকীৰ অৱস্থাৰ বুজ ল’বলৈ নির্দেশ দিয়া বুলি জানিব পৰা হৈছে। উল্লেখ্য যে ২৬ বছৰীয়া সুমিতে এবাৰ অসমক প্রতিনিধিত্ব কৰাৰ লগতে গুৱাহাটী টাউন ক্লাৱ, ছানৰাইজ ক্লাৱৰ লগতে বিভিন্ন ক্লাৱৰ হৈ খেলি আহিছিল। প্রখ্যাত মােহন বাগান ছেইল ফুটবল একাডেমীৰ অনূর্ধ্ব ১৮ ৰ দলকো তেওঁ প্রতিনিধিত্ব কৰিছিল। আর্থিকভাৱে দুর্বল পৰিয়ালৰ বাবে সুমিত ব্যয়বহুল চিকিৎসা অসম্ভৱ হৈ পৰাৰ পিছত গুৱাহাটী চিটী এফ চিয়ে ফুটবলাৰগৰাকীৰ স্বাৰ্থত ছ’চিয়েল মিডিয়াযােগে বিষয়টো সন্দৰ্ভত ফুটবল তথা ক্রীড়া জগতক অৱগত কৰােৱাৰ প্রয়াস চলাইছিল। এটা বিবৃতিত ক্লাৱৰ সঞ্চালক কৌস্তৱ চক্ৰৱৰ্তীয়ে ক্রীড়ামন্ত্রী ৰাথােড়ক তেওঁৰ তাৎক্ষণিক সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সুমিতৰ পৰিয়ালৰ সূত্রমতে ইতিমধ্যে ৰাথােড়ৰ নির্দেৰ্শত ‘ছাই’ৰ প্রতিনিধিয়ে পৰিয়ালটোক সাক্ষাৎ কৰি সকলাে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।