গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল: মহিলা শক্তি মহাশক্তি আৰু মহিলা শক্তিৰ ওপৰত আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে আস্থা ৰাখিব লাগিব। মাতৃ শক্তিয়ে এখন ৰাষ্ট্ৰ, ৰাজ্য, সমাজক শক্তিশালী কৰি তােলে। প্রতিটো প্ৰজন্মক জীৱনৰ বাটত সফলতাৰে আগবাঢ়ি যােৱাৰ ক্ষেত্ৰত মহিলাসকলে শক্তি প্রদান কৰি আহিছে। দেওবাৰে সৰুসজাই ক্রীড়া প্রকল্পত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়। মুখ্যমন্ত্রী সােণােৱালে কয় যে সামাজিক চেতনাবােধ জাগৃত কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ গভীৰ দায়িত্ব আছে। সন্তানক সুনাগৰিক হিচাপে গঢ়ি তােলাৰ ক্ষেত্ৰত মহিলাসকলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে, ঠিক একেদৰে এখন শক্তিশালী সমাজ নির্মাণত মহিলাসকলে বিশেষ ভূমিকা ল’ব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে গ্রাম্য অর্থনীতি শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি আৰু কর্মসূচী গ্রহণ কৰিছে যাতে মহিলাসকলক আর্থিক ভাৱে স্বাৱলম্বী কৰিব পৰা যায়। কনকলতা মহিলা সৱলীকৰণ আঁচনিখনৰ জৰিয়তে মহিলা আত্মসহায়ক গােটসমূহে অর্থনৈতিক দিশত নতুন জাগৰণৰ সূচনা কৰিবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্রী কয়। ১ লাখ ২৬ হাজাৰ মহিলা আত্ম সহায়ক গােটক সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে লােৱা পদক্ষেপে অসমৰ অর্থনৈতিক দিশত পৰিৱর্তন সম্ভৱ কৰি তুলিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। যােৱা ২২ মাহত বিভিন্ন আঁচনি সফলতাৰে ৰূপায়ণ কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে পূর্বৰ চৰকাৰে শাসন ব্যৱস্থাৰ প্রতি গুৰুত্ব দিয়া নাছিল বাবে গ্রাম্য অর্থনীতি দুর্বল হৈ পৰিছিল। বর্তমানৰ চৰকাৰে শাসন ব্যৱস্থাটোৰ পৰিৱর্তন সাধন কৰিবলৈ সক্ষম হৈছে আৰু আঁচনিসমূহ ফলপ্রসূ ৰূপায়ণৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে। যােৱা কিছুদিনৰ পৰা ৰাজ্যখনৰ মহিলাৰ মর্যাদা হানিকৰ ঘটনা সংঘটিত হৈ আহিছে। ইয়ে মহিলাৰ স্বাভিমান, আমাৰ পৰম্পৰাগত মূল্যবােধত আঘাট হানিছে। সেইবাবে ৰাজ্য চৰকাৰে এই বিষয়টোত সর্বাধিক গুৰুত্ব আৰােপ কৰি ইতিমধ্যে দৃঢ় পদক্ষেপ গ্রহণ কৰিছে। আৰক্ষী চকীসমূহত মহিলা কোষ গঠন, হেল্প লাইন মুকলি, জিলাই জিলাই ফাষ্ট ট্রেক আদালত স্থাপনৰ লেখীয়া পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নাৰীজনিত অপৰাধ ৰােধ কৰাৰ বাবে মহিলাসকল অধিক সচেষ্ট হ’ব লাগিব বুলিও কয়। এই ক্ষেত্ৰত জনসাধাৰণ আৰু চৰকাৰে যৌথভাৱে কাম কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে ভাষণ প্রসংগত বৰ্তমানৰ ৰাজ্য চৰকাৰে গ্ৰাম্য অর্থনীতি শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ সমগ্র গ্রাম্য উন্নয়নযােজনা, গুণগত শিক্ষাৰ বিকাশৰ বাবে গুণােৎসৱৰ লেখীয়া বিভিন্ন পদক্ষেপ গ্রহণৰ কথাও উল্লেখ কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি বিত্ত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই আঁচনিখন সর্বকালৰ সর্ববৃহৎ আঁচনি। এই আচঁনিখনৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে পর্যায়ক্রমে ২৫০০ কোটি টকা ব্যয় কৰিব বুলিও কয়। মন্ত্রী গৰাকীয়ে একোটা আত্ম সহায়ক গােটে ২৫ হাজাৰ টকাৰ পৰা ৫ লাখ টকালৈ কিদৰে ঋণ লাভ কৰিব আৰু এই ক্ষেত্ৰত চৰকাৰে কিদৰে সহায় আগবঢ়াব সেই সম্পর্কতাে বিতং ব্যাখ্যা দাঙি ধৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰে প্রতিশ্রুতি অনুসৰি কাম কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনমুখী আঁচনিৰ কথা ভাষণ প্রসংগত উল্লেখ কৰে। সভাত ভাষণ প্রদান কৰি পঞ্চায়ত আৰু গ্রামােন্নয়ন মন্ত্রী নৱ কুমাৰ দলে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহ বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে মহিলা সৱলীকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ সুফল ইতিমধ্যে মহিলাসকলে লাভ কৰিবলৈ সক্ষম হৈছে। কনকলতা মহিলা সৱলীকৰণ আঁচনিখনৰ জৰিয়তে ১ লাখ আত্মসহায়ক গােটক সামৰি লােৱা হ’ব আৰু ১০ লাখ পৰিয়াল ইয়াৰ জৰিয়তে উপকৃত হ’ব পাৰিব বুলিও মন্ত্রী গৰাকীয়ে কয়। মন্ত্রী গৰাকীয়ে লগতে কয় যে এই উদ্দেশ্যেৰে ২৫০ কোটি টকা ধার্য কৰা হৈছে। ৰাষ্ট্ৰীয় গ্রামীণ জীৱিকা অভিযানৰ অধীনত ১৫ হাজাৰ টকা লাভ কৰা আত্মসহায়ক গােট সমূহক অতিৰিক্তভাৱে ১০ হাজাৰ টকা প্রদান কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে কয়। অনুষ্ঠানত সাংসদ বিজয়া চক্ৰৱৰ্তী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ দিয়ে। অনুষ্ঠানত গড়কাপ্টানি মন্ত্রী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, বিধায়কসকল ক্রমে সুমন হৰিপ্রিয়া, ভৱেশ কলিতা, প্ৰণৱ কলিতা, অসম পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, বিভাগৰ আয়ুক্ত সচিব জে বি এক্কা প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ১৫ টা আত্মসহায়ক গােটক প্রতীকি চেক প্রদান কৰে।