ধাবাত বহি চলাইছে এই অবৈধ :: ছিণ্ডিকেট নেতৃত্বত বনাঞ্চলিক বিষয়া ছাজিত বসুমতাৰী :: ধন নিদিয়া চালকক দাবী-ধমকি, মাৰপিট

চিৰাং, ২ মে’: চিৰাঙত বন বিভাগৰ এজন ৰেঞ্জাৰৰ নেতৃত্বত ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাই পথত মুকলিকৈ ছিণ্ডিকেটৰাজ চলাই থকাৰ তথ্য পোহৰলৈ আহিছে৷ ‘সংবাদ প্ৰহৰী’ৰ ষ্ট্ৰীং অপাৰেচনত ধৰা পৰিল সমগ্ৰ তথ্য । উল্লেখ্য যে চিৰাং জিলাৰ চিদলীৰ কাশিকত্ৰা অঞ্চলৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লাগি থকা ধাবা এখনৰ সন্মুখত বহি জিলাখনৰ বাসুগাঁও বনাঞ্চলিক (ৰেঞ্জাৰ) বিষয়াৰ নেতৃত্বত চলিছে এই ছিণ্ডিকেট । বনাঞ্চলিক বিষয়া ছাজিত বসুমতাৰীয়ে ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা ধাৱাত বহি কিদৰে মুকলিভাৱে ছিণ্ডিকেট চলায় সেয়া জানিলে সকলোৰে চকু কপালত উঠিব । বিষয়াজনৰ ছিণ্ডিকেটৰ বিষয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ উমান পায়েই ততাতৈয়াকৈ পলাই পত্ৰং দিয়ে ৰেঞ্জাৰ জনে । ৰেঞ্জাৰজনৰ এই মুকলি ছিণ্ডিকেটৰ সহযোগী হিচাবে থাকে বন বিভাগৰ পোচাকধাৰী ফৰেষ্ট গাৰ্ড । সম্পুৰ্ণ অফিচিয়েল ছিণ্ডিকেট যেনহে এয়া। এই পথেৰে নিতৌ বনমন্ত্ৰীকে আদি কৰি বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়া-কৰ্মচাৰীয়ে দিনে-নিশাই যাতায়াত কৰে যদিও কাৰো নজৰত নপৰে এই ছিণ্ডিকেট । কাৰণ ধাবাত বহি চলায় এই ছিণ্ডিকেট । শিল-বালি কঢ়িওৱা প্ৰতিটো ট্ৰাকৰ পৰা সুবিধা বুজি অবৈধভাৱে ২০০, ৫০০, ১০০০ টকালৈ সংগ্ৰহ কৰে । চালান থকাৰ পিচতো প্ৰতিটো গাড়ীৰ পৰা টকা লোৱা এইজন বিষয়াই টকাৰ বিনিময়ত কোনো ৰচিদ নিদিয়ে । এই সন্দৰ্ভত শিল-বালি কঢ়িওৱা ট্ৰাক চালকসকলে কয় যে চিৰাং জিলাত কাশিকত্ৰা, সুন্দৰী, বেংতলগেট-কুকুৰমাৰী, বিজনী এই কেইটা ঠাইত বন বিভাগৰ অবৈধ চেক গেট (ছিণ্ডিকেট) আছে। এই প্ৰতিটো গেটতে শিল-বালি কঢ়িয়াই নিয়া ট্ৰাকে ভৰিব লাগে অতিৰিক্ত টকা যি টকা শিল -বালিৰ দামৰ সৈতে মিলাই গ্ৰাহকৰ পৰা ল’বলগীয়া হয় । ট্ৰাকৰ চালক সকলক দাবী-ধমকিৰে এনেদৰে ধন সংগ্ৰহ কৰে আৰু নহলে মাৰপিট কৰাৰ লগতে গাড়ী ধৰাই দিয়া তথা বিভিন্ন ভাৱুকিয়ো প্ৰদান কৰে বুলি বিষয়া জনৰ ছিণ্ডিকেটৰ কথা চালকসকলে জানিবলৈ দিয়ে৷ মুঠতে চালকসকলক দাবী ধমকিৰে আদায় কৰে টকা । যি ঠাইত বহি ৰেঞ্জাৰে অবৈধ ছিণ্ডিকেটৰ টকা সংগ্ৰহ কৰে ৰেঞ্জাৰে সেই ধাৱাৰ মালিকে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্নুখত ক’বলৈ অস্বীকাৰ কৰে যদিও আমাৰ গোপন কেমেৰাত সমগ্ৰ ভাষ্য বন্দী হয়৷ প্ৰকৃতাৰ্থত সৰ্ব্বানন্দ সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰে শপত গ্ৰহণৰ পিচতেই ৰাজ্যৰ সকলো ছিণ্ডিকেট বন্ধৰ ঘোষণা কৰিছিল কিন্ত প্ৰকৃততে বন্ধ হৈছেনে ৰাজ্যৰ ছিণ্ডিকেট ? ইপিনে চিৰাং জিলা আমছুৰ সভাপতি গুলজাৰ হুচেইন পৰামানিকে উল্লেখ কৰা মতে চিৰাঙৰ কেৱল শিল বালিতেই বন বিভাগৰ ছিণ্ডিকেট নাই বৰঞ্চ প্ৰতি নিশাই জিলাখনৰ পৰা ট্ৰাকে ট্ৰাকে মুল্যবান কাঠ ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰ কৰে চোৰাং কাঠবেপাৰীসকলে আৰু যত বন বিভাগৰ লোকে প্ৰত্যক্ষভাৱে সহযোগিতা কৰে । ইয়াৰ মাজতে কেতিয়াবা দল-সংগঠনৰ হেঁচাত পৰি কাঠৰ গাড়ী ধৰিলেও সেই সমূহ বুজন পৰিমানৰ ধনৰ বিনিময়ত পিচৰ পৰ্য্যায়ত এৰি দিয়ে ।