কোকৰাঝাৰ, ৩ মে’ : কোকৰাঝাৰত যানবাহন আৰক্ষীৰ নির্যাতনত অতিষ্ঠ হৈ পথত নামিল গাড়ী চালক সন্থা। আৰক্ষীৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰি বন্ধ কৰিলে গাড়ী চলাচল। কোকৰাঝাৰ চাহৰৰ মাজ মজিয়াত নিশা যানবাহন আৰক্ষীৰ এজন জোৱানে কোনো কাণৰ নোহোৱাকৈ মিনি বাছ চালক বলেন ৰয়ক মাৰধৰ কৰাত চালকজন আঘাতপ্ৰাপ্ত হয়। চালকৰ ওপৰত যানবাহন আৰক্ষীয়ে কৰা এই মাৰধৰৰ বিৰূদ্ধে কোকৰাঝাৰ চালক সন্থাই এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। চালক সন্থাৰ কৰ্মকৰ্তা সকলে কোকৰাঝাৰৰ মাজ মজিয়াত প্ৰতিবাদ কৰি দোষী আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। গাড়ী চালকৰ ওপৰত নিৰ্যাতন নাচলিব, আমাক ন্যায় লাগে, ট্ৰেফিক পুলিচৰ দাদাগিৰী নাচলিব শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদী গাড়ী চালকসকলে। গাড়ী চালকসকলৰ প্ৰতিবাদত কোকৰাঝাৰ চহৰত সকলো যানবাহন চলাচল বান্ধ হৈ পৰাত চাহৰখন আচল হৈ পৰে। প্ৰায় তিনি ঘণ্টা ধৰি চলা এই প্ৰতিবাদ আৰক্ষীৰ হস্তক্ষেপত শান্ত হয়।