চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৭ মে’ : চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰপুখুৰী গাওঁ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ। নাহৰপুখুৰী গাওঁ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপনেৰে যোৱা ২৬ মে’ তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয় স্থানীয় ৰাইজৰ।

চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰপুখুৰী গাওঁ পঞ্চায়তৰ বুথ সভাপতি আৰু ৱাৰ্ড সদস্যৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। নাহৰপুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মিছাজান চাৰি ৪ নং ৱাৰ্ডৰ বুথ সভাপতি শংকু পাল আৰু ৱাৰ্ড সদস্য শিখা দাসে নিজ ইচ্ছাকৃতভাবে নিজৰ আত্মীয়-স্বজনক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন আৰু এম জি এন ৰেগা আচনিৰ ধন প্ৰদান কৰাৰ লগতে সাধাৰণ জনতাক ভাবুকি প্ৰদান কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

নাহৰপুখুৰী গাওঁ পঞ্চায়তৰ বুথ সভাপতি আৰু ৱাৰ্ড সদস্যই সংঘটিত কৰা এই ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় ৰাইজ ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজে নাহৰপুখুৰী গাওঁ পঞ্চায়তত চলি থকা দুৰ্নীতি নিৰ্মূল কৰিবলৈ প্ৰতিবাদস্থলীৰ পৰাই প্ৰায় অৰ্ধশতাধিক ৰাইজৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰও খণ্ড উন্নয়ন বিষয়ালৈ প্ৰেৰণ কৰে।