জাগীৰোড, ১৬ছেপ্টেম্বৰঃ জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বজৰং দলৰ বেনাৰ পোষ্টাৰ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, শুক্ৰবাৰে জাগীৰোডৰ কলামন্দিৰ প্ৰাঙ্গনৰ পৰা বজৰং দলৰ প্ৰতিবাদী সমদল উলিওৱাৰ কথা আছিল৷ শেষ সময়ত এই প্ৰতিবাদী কাৰ্যসূচী বাতিল হোৱাত বজৰং দলে কলামন্দিৰৰ লগতে থকা আছুৰ কাৰ্যালয়ত বেনাৰ পোষ্টাৰ সমূহ জমা কৰি ৰাখে৷ আছুৰ কাৰ্যালয়ত বজৰং দলৰ বেনাৰ পোষ্টাৰ জমা কৰি ৰখা ঘটনাটো কোনো লোকে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নিয়া বেনাৰ পোষ্টাৰ সমূহ আছুৰ কাৰ্যালয়লৈ কেনেকৈ আহিল, ফটো সমূহ কোনে তুলি ছ’চিয়েল মিডিয়াত আপলোড কৰিলে এনে বহু প্ৰশ্নই সকলোৰে মনত কৌতুহলৰ সৃষ্টি কৰিছে৷ হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতাত ৰাজ্যজুৰি জোঁৰ সমদল বাহিৰ কৰা আছুৰ বজৰং দলৰ সৈতে মিত্ৰতা হ’ল নেকি বুলি বিভিন্ন জনৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে৷ আনহাতে আছুৰ কৰ্তৃপক্ষই বৰ্তমানলৈ নিৰৱ ভূমিকা গ্ৰহণ কৰাত বিষয়টো অধিক জটিলতাৰ মাজত সোমাই পৰিছে৷