টেঞ্জিং নৰকে দু:সাহসী বঁটা ২০২০ বাবে মনোনীত হোৱা ব্যক্তিজন ভুৱা বুলি এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে

In ক্ৰীড়াংগন, ৰাজ্য, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
TheChocolateRoomTezpur

শিৱসাগৰ

২৫ আগষ্ট 

বিশ্বৰ সবাতোকৈ উচ্চতম শৃংগ এভাৰেষ্ট শৃংগ আৰোহণ কৰা অসম সন্তান নৱ ফুকনে টেঞ্জিং নৰকে দু:সাহসী বঁটা ২০২০ বাবে মনোনীত হোৱা ব্যক্তিজন ভুৱা বুলি এক ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে। হাৰিয়ানাৰ নৰেন্দ্ৰ সিঙ নামৰ ব্যক্তি জনলৈ আগবঢ়োৱা এই বঁটাৰ বাবে নৰেন্দ্ৰ সিঙ প্রকৃতার্থত যোগ্য নহয় বুলি দাবী উত্থাপন কৰিছে নৱ ফুকনে।

শিৱসাগৰ জিলাৰ চেপনৰ শান্তিবন পথৰ নিৱাসী গদেশ্বৰ ফুকন আৰু ভোগেশ্বৰী ফুকনৰ পুত্ৰ নৱ ফুকনে ২০১৬ বর্ষত মাউন্ট এভাৰেষ্ট শৃংগ বিজয়ী সকলৰ মাজত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। ১৪ জনীয়া এটা পর্বতাৰোহী দলৰ দলপতি হিচাপে যোগদান কৰি সম্পূৰ্ণ ৪৬ দিনৰ মূৰত নৱ ফুকনে এভাৰেষ্ট শৃংগত গৈ থিয় হ’বলৈ সক্ষম হৈছিল। এই ১৪ জনীয়া দলটোত ভাৰতৰ লগতে চীন, কানাডা, ইৰাণ, পেৰু আৰু কোৰিয়াৰ পর্তাৰোহীয়েও অংশগ্ৰহণ কৰিছিল। এই ১৪ জনীয়া দলৰ তালিকাত থকা শেষৰ ব্যক্তিজনক টেঞ্জিং নৰকে দু:সাহসী বঁটা ২০২০ ৰ মনোনীত কৰাক লৈ এতিয়া এক আজৱ ঘটনা পোহৰলৈ আনিছে এভাৰেষ্ট বিজয়ী নৱ ফুকনে। উল্লেখ যে, হাৰিয়ানাৰ নৰেন্দ্ৰ সিঙ নামৰ ব্যক্তি জনলৈ আগবঢ়োৱা এই বঁটাৰ বাবে নৰেন্দ্ৰ সিঙ প্রকৃতার্থত যোগ্য নহয় বুলি দাবী উত্থাপন কৰিছে নৱ ফুকনে। অহা ২৯ আগষ্টত ৰাষ্ট্রীয় ক্রীয়া দিৱসত দেশৰ ৰাষ্ট্রপতি মহোদয়ৰ পৰা বঁটা লাভ কৰিবলৈ সাজু হোৱা নৰেন্দ্র সিঙে সম্পূৰ্ণ মিছা ফটো আৰু মিছা তথ্যৰে এনে সন্মানীয় বঁটা লাভ কৰিবলৈ উলাইছে বুলিও অভিযোগ আনিছে নৱ ফুকনে। ২০১৬ বর্ষত নৱ ফুকনৰ দলটোত নৰেন্দ্ৰ সিঙ আছিল যদিও অক্সিজেনৰ অভাৱত অসুস্থ হৈ পৰাত গন্তব্য স্থানৰ পৰা বহু হাজাৰ ফুট নিলগতে যাত্ৰা সামৰিছিল নৰেন্দ্ৰ সিঙে বুলিও জানিবলৈ দিয়ে নৱ ফুকনে।

উল্লেখ যে, ২০১৬ বর্ষত নৱ ফুকনৰ ১৪ জনীয়া দলটোৱে ৰঙা ৰঙৰ পোছাক পৰিধান কৰিছিল আনহাতে লেপাৰ এখন বাতৰি কাকতত নৰেন্দ্ৰ সিঙে সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰি থকা ফটো প্রকাশ পাইছে। এনে পৰিস্থিতিত এই বিষয়ক চৰকাৰে গুৰুত্ব সহকাৰে লৈ উচিত তদন্ত কৰাৰ লগতে যোগ্য জনক বঁটা প্ৰদান কৰি নৰেন্দ্ৰ সিঙৰ দৰে ভুৱা ব্যক্তিক এনে স্বৃকীতি দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে নৱ ফুকনে।

You may also read!

মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ তালিকাৰ শীৰ্ষত অসম

গুৱাহাটী ২৯ নৱেম্বৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ তালিকাৰ শীৰ্ষত অসম। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অসম

Read More...

স্বাধীকাৰ দাবীত একেখন মঞ্চত মিলিত হ’ল দুকুৰিৰো অধিক সংগঠন

গুৱাহাটী ২৮ নবেম্বৰ স্বাধীকাৰ দাবীত একেখন মঞ্চত মিলিত হ'ল দুকুৰিৰো অধিক সংগঠন। প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ চৰকাৰক ৩১ ডিচেম্বৰলৈ সময়সীয়া জনগোষ্ঠীয় সমন্বয়

Read More...

বিজেপিৰ কাৰ্যকালত বন্ধ হৈছে মুছলমান-আদিবাসী হত্যাযজ্ঞ : মুক্তাৰ হুছেইন খান

আজিজুল হক বৰপেটা  ২৮ নৱেম্বৰ "বিজেপিৰ কাৰ্যকালত বন্ধ হৈছে মুছলমান হত্যাযজ্ঞ। আদিবাসী লোকসকলো শান্তিত থাকিব পাৰিছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকে শান্তি-সম্প্ৰীতি বিচাৰে

Read More...

Mobile Sliding Menu