আমিনুৰ ৰহমান সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৪ আগষ্ট

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ই আই এ ২০২০ অধিসূচনা বাতিলৰ দাবীত প্রতিলিপি দাহ কাৰ্যসূচী।

সোমবাৰে শিৱসাগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক প্রতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসমৰ পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনা ই আই এ ২০২০ অধিসূচনা বাতিল কৰাৰ দাবীত শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত সংগঠনটোৱে প্ৰতিলিপি দাহ কার্য সম্পন্ন কৰে। চৰকাৰে অসমৰ খনিজ সম্পদ লুণ্ঠনৰ এক ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ কৰি প্ৰতিবাদকাৰী সকলে কয় যে পৰিৱর্তনৰ জয়ঢোল কোবোৱা চৰকাৰখনে অসমৰ এক জলন্ত সমস্যা বানপানীৰ আজিও স্থায়ী সমাধান কৰিবলৈ সক্ষম নোহোৱা স্বত্তেও জলবিদ্যুৎ প্ৰকল্প নির্মাণৰ সিদ্ধান্তই অসমৰ ৰাইজক আগন্তক দিনত আৰু বেছি বিপদৰ সন্মুখলৈ ঠেলি পঠিয়াব। চৰকাৰৰ এনে সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব বুলি প্ৰতিবাদস্থলীৰ পৰা স্পষ্ট কৰে সংগঠনটোৱে।

জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে খিলঞ্জীয়াৰ ভৰিৰ তলৰ মাটিও উছন কৰিব বিচাৰিছে বুলি মন্তব্য কৰে সংগঠনটোৰ নেতা সকলে। ই আই এ ২০২০ অধিসূচনাখন বাতিল নকৰা পৰ্যন্ত ‘কা”ৰ বিৰোধীতাৰ সমান্তৰালে ই আই এ ২০২০ অধিসূচনাখন বাতিলৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও জানিবলৈ দিয়ে।