ডিফুত বিভিন্ন দলৰ ২৭ কর্মীৰ বিজেপিত যােগদান

In ৰাজ্য
Umra Package

ডিফু

৩ ছেপ্টেম্বৰ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দললৈ আগমন ঘটিয়ে আছে বিভিন্ন দল-সংগঠনৰ কৰ্মীৰ। বৃহস্পতিবাৰে ডিফুত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ২৭ গৰাকী নেতা-কর্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত।

ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ক্রমাৎ যিমানে চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহ তৎপৰ হৈ পৰিছে। কেতিয়াবা যদি শসকীয় দললৈ প্ৰতি আকৰ্ষিত হৈছে বিভিন্ন জনে কেতিয়াবা আকৌ বিৰোধী দল কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ হাত ধৰিবলৈ আগুৱাই আহিছে বহুতে। বৃহস্পতিবাৰে কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ২৭ গৰাকী নেতা-কর্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে শসকীয় দল বিজেপিত। ডিফুস্থিত জিলা বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হােৱা এক বিশেষ যােগদান সভাত কংগ্রেছ, এ পি এইচ এল চি, এইচ এছ ডি চি দল ত্যাগ কৰি ২৭ গৰাকী নেতা-কর্মীয়ে বিজেপিত যােগদান কৰে। যােগদান কৰা বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলৰ এ পি এইচ এল চি দলৰ বিত্ত সম্পাদক, এইচ এছ ডি চি দলৰ কেন্দ্রীয় সমিতিৰ সদস্যকে ধৰি কেইবাগৰাকী নেতাই দল ত্যাগ কৰি সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক দিশত বিকাশ আৰু উন্নয়নৰ বাবে বিজেপিত যােগদান কৰা বুলি মন্তব্য প্রকাশ কৰে।

সাংসদ হৰেণছিং বে’ সভাখনত উপস্থিত থাকি দলত নতুনকৈ যােগদান কৰা সদস্যসকলক আদৰণি জনায়। ইয়াৰ উপৰি সভাত কার্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণৰ লগতে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্য, পৰিষদীয় সদস্যও উপস্থিত থাকে।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu