ডিফু

৩ ছেপ্তেম্বৰ

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নিষিদ্ধ ৩০০ গ্ৰাম ব্ৰাউন চুগাৰসহ দুজন সৰবৰাহকাৰী আটক। আটকাধীন সৰবৰাহকাৰী যুৱক দুজন ক্ৰমে বাঁশকান্দিৰ ৰবীন সিং আৰু মণিপুৰৰ সেনাপতি জিলাৰ কুমৌ কাইডাই।

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্মক। বিগত কিছুদিন ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্মক বৃদ্ধি পোৱাৰ সমান্তৰালে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে কেইবাটাও উল্লেখযোগ্য সাফল্য। শেহতীয়াকৈ জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং জিলা আৰক্ষীয়ে নাগালেণ্ডৰ সীমান্তৰ এলেকাত একাধিক অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছসহ কেইবাজনো সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে৷ বুধবাৰে পুনৰ কাৰ্বি আংলং আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰায় ৩০০ গ্ৰাম ব্ৰাউন চুগাৰসহ দুজন সৰবৰাহকাৰীক আটক কৰে৷ আটকাধীন সৰবৰাহকাৰী যুৱক দুজন ক্ৰমে বাঁশকান্দিৰ ৰবীন সিং আৰু মণিপুৰৰ সেনাপতি জিলাৰ কুমৌ কাইডাই বুলি জানিব পৰা গৈছে।

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্ম আৰু বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন কলিতাসহ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই ডিমাপুৰৰ কাৰ্বি আংলংলৈ আনি থকা অৱস্থাত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা ২৩ টাকৈ চাবোনৰ বাকছৰ ভিতৰৰ পৰা ড্ৰাগছখিনি উদ্ধাৰ কৰি৷ আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ বজাৰমূল্য প্রায় ২৩ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বিগত ছমাহত আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বোকাজানত প্ৰায় ২ কেজি ৫০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে। আৰক্ষীয়ে জব্দ কৰা এই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৭ কোটিৰো অধিক বুলি আৰক্ষীয়ে অনুমান কৰিছে।