তিতাবৰ, ১৭ ছেপ্টেম্বৰঃ তিতাবৰৰ নআলিৰ মেজেঙা তিনি আলিত নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰ ভাবে আহত হয়। প্ৰাপ্ত তথ্য মতে, কুমুদ গগৈৰ নামৰ ব্যক্তি এজনে চাইকেলৰে সকামৰ পৰা আহি থকা অৱস্থাত একে দিশৰ পৰা অহা এএছ-০৯ বি-৩৬২০ নম্বৰৰ এখন বগা ৰঙৰ বোলেৰো গাড়ীয়ে পিছফালৰ পৰা খুন্দিয়ায়। দুৰ্ঘটনাত চাইকেল আৰোহী কুমুদ গগৈ থিতাতে নিহত হয়। দুৰ্ঘটনা সংঘটিত কৰি বোলেৰোখনে পলায়নৰ চেষ্টা কৰোঁতে নআলি ধলিত যোৰহাট অভিমুখে গৈ থকা এজন বাইক আৰোহীক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই এখন দোকান ভাঙি খালাত সোমায়। জয়ন্ত গগৈ নামৰ বাইক আৰোহী জন গুৰুতৰভাবে আহত হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয়। দ্বিতীয়বাৰ দুৰ্ঘটনা সংঘটিত কৰি বুলেৰোখনৰ চালকে পলায়ন কৰে। বোলেৰোখন কাৰ্বি আংলংৰ সুৰেশ কুমাৰ পাৰীকৰ বুলি জানিব পৰা গৈছে ।