লক্ষীপুৰ, ১৮ ছেপ্টেম্বৰঃ অসম আৰু মেঘালয়ৰ সীমান্তৰ গোৱালপাৰাৰ লক্ষীপুৰৰ ভিমখোজ আৰু বগিলাৰভিটা হাৰীভাঙাত নাওঁ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ উল্লেখ্য যে, যোৱাকালি হাৰীভাঙাৰ ছাৱান নৈত পৰম্পৰাগত নাওঁ খেলত ১০খন নাওঁ পানীত বুৰি মহিলাসহ ১৩জন লোকৰ সলিল সমাধি ঘটে৷ প্ৰাপ্ত তথ্য অনুসৰি, নাওঁ খেল চলি থকা মাজতে বিয়লি প্ৰায় ৫ বজাত হঠাৎ প্রচণ্ড ধুমুহা আহে৷ ধুমুহাৰ ফলত কেবাখনো নাওঁ নদীৰ পানীত ডুৱ যায়৷ এই দুৰ্ঘটনাত ১৩ জন লোকৰ সলিল সমাধি ঘটাৰ লগতে ১০ জনকৈ লোক সন্ধানহীন হয়৷ পানীত ডুৱ যোৱা নাওঁকেইখনত স্থানীয় লোকৰ লগতে নাওঁ খেল উপভোগ কৰিবলৈ অহা দূৰ দূৰণিৰ পৰা অহা কেবাজনো লোক আছিল৷ স্থানীয় লোকে যোৱাকালি ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখি আজি নিখোজ হৈ থকা ১০জন লোকৰ মৃতদেহ কেইটা উদ্ধাৰ কৰে৷