দেশৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ ফলত ৪০ জনৰ মৃত্যু

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অনলাইন ডেস্ক, সংবাদ ৩৬৫, ১৪ মেঃ দেওবাৰে সন্ধিয়াৰ ভাগত ৰাজধানী দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধুমুহা বৰষুণৰ ফলত ৪০ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০ জন লোক আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে উত্তৰ প্ৰদেশত ২১ জন, পশ্চিম বংগত ১২ জন, দিল্লীত ২ জন, হাৰিয়ানাত ১ জন আৰু অন্ধ্ৰ প্ৰদেশত ৯ জন লোকৰ ধুমহাৰ ফলত মৃত্যু হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে ঘণ্টাত ১০৯ কিলোমিটাৰ বেগেৰে অহা ধুমুহাৰ ফলত ৰাজধানী দিল্লীত ২০০ টা গছৰ লগতে ৪০ টা বিদ্যুতিক খুটা বাগৰি পৰে। ৰাজধানীৰ বিভিন্ন স্থানত পথৰ ওপৰত গছ আৰু বিদ্যুতিক খুটা বাগৰি পৰাত যান বাহনৰ চলাচল বন্ধ হৈ পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। দেওবাৰৰ ধুমুহাত ৰাজধানী দিল্লীৰ লগতে পশ্চিম বংগ, উত্তৰ প্ৰদেশ, তেলংগানা আৰু অন্ধ্ৰ প্ৰদেশ বিশেষ ভাবে ক্ষতিগ্ৰস্ত হয়।

Comments

comments

You may also read!

বদৌচা স্পৰ্টছ ক্লাৱৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত আন্তৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ আগষ্ট: বদৌচা কাপ অহা ৯ চেপ্তেম্বৰৰ পৰা ২৩ চেপ্তেম্বৰলৈ অসমৰ মুঠ ৭টা স্থানত অনুষ্ঠিত হ'ব।

Read More...

কলগাছিয়াৰ বেকী নৈৰ বাঢ়নী পানীত ৬ বছৰীয়া শিশুৰ সলীল সমাধি

কলগাছিয়া, সংবাদ ৩৬৫, ১৭ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ গাঁওত শুক্ৰবাৰে দুপৰীয়া ৬ বছৰীয়া এটি শিশু

Read More...

শ্ৰীৰামপুৰত বিজেপি হাতীধূৰা মণ্ডল কমিটিৰ উদ্যোগত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলিঃ

শ্ৰীৰামপুৰ, সংবাদ ৩৬৫, ১৭ আগষ্ট: ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত হাতীধূৰা মণ্ডল বিজেপি কমিটিৰ উদ্যোগত শুক্ৰবাৰে

Read More...

Mobile Sliding Menu