আন্ধেৰীঘাটৰ পৰা দিপজ্যোতি ডেকা, সংবাদ ৩৬৫, ১৪ মেঃ পৰিবৰ্তনৰ আৰু উন্নয়নৰ শ্ল’গান দি থকা ৰাজ্যৰ বিজেপি চৰকাৰখনৰ উন্নয়নৰ প্রকৃতস্বৰূপ উদঙালে কামৰূপৰ ৰঙিয়া সমষ্টিত এখন বাঁহৰ দলঙে। ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰনদীঝাৰ, বামুণগাওঁ, ৰামপুৰ আৰু আন্ধেৰীঘাট অঞ্চলৰ মাজেৰে বৈ যোৱা বৰনদী নৈ’ৰ ওপৰত পকী দলং নথকাৰ ফলত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাত ৰাইজ নিজ জমা ধন খৰছ কৰি বৰনদীৰ নৈ’ৰ ওপৰত নিৰ্মান কৰিছিল এখন বাঁহৰ দলং। এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ সকলো ক্ষেত্ৰতে যাতায়তৰ বাবে এই বাঁহৰ দলংখনৰ ওপৰত নিৰ্ভৰশীল যদিও বাৰিষাত নদীৰ পানী বৃদ্ধি হোৱাত পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত অঞ্চলটোত স্কুল কলেজ, ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰাৰ লগত বহি:অঞ্চলৰ লগতো অঞ্চলটোৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। বৰনদী নৈ’ৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ লগতে এই পথটো নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজে বিধায়ক ভাবেশ কলিতাক অনুৰোধ জনাইছে। এতিয়া পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰ তথা বিটিচি প্ৰশাসনে অঞ্চলবাসী ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হব অতিকৈ লক্ষণীয়।