গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মেঃ সোণ সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিল বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি। দেওবাৰে জালুকবাৰী শাখাৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰাজীৱ ধৰসহ চাৰিজনকৈ সোণ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দেওবাৰে বৰপেটা জিলাৰ হাউলীৰ পৰা দুখন সোণৰ বিস্কুট লৈ গুৱাহাটীলৈ এখন ৱাগনআৰ গাড়ীৰে অহাৰ পথত আৰক্ষীয়ে জালুকবাৰী শাখাৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি গৰাকীৰ লগতে চাৰিজনকৈ সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ক্ৰাইম ব্ৰাঞ্চ আৰু জালুকবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শৰাইঘাট দলঙৰ সমীপত অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইজক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সোণ সৰবৰাহকাৰী কেইজন হ’ল ক্ৰমে ৰাজীৱ ধৰ, উত্তম হালদাৰ, ৰাজেশ মণ্ডল আৰু জয়দেৱ মণ্ডল।