দৰঙ, সংবাদ ৩৬৫, ৩ আগষ্টঃ দৰং জিলাৰ ধুলাৰ টাংনী চাৰিআলীত ৰহস্যৰ সৃষ্টি কৰিছে উদ্ধাৰ হোৱা মানুহৰ কটা হাত এখনে৷ এই ৰহস্যৰ সৃষ্টি হৈছে দৰঙৰ ধুলাৰ টাংনী চাৰিআলিত থকা হিন্দুস্থান পেট্ৰলিয়াম তেল ডিপুৰ সন্মুখত৷ প্ৰাপ্ত বাতৰি মতে বৃহস্পতিবাৰে নিশা প্ৰায় ১:৩০ বজাত এএচ১২ এ৮৪৫১ নম্বৰৰ ট্ৰাক এখনে দুজন ব্যক্তিসহ গুৱাহাটীৰ পৰা সামগ্ৰী ভৰ্ত্তি কৰি ওৰাঙলৈ গৈ থকা অৱস্থাত জিলা খনৰ অন্তৰ্গত চৰকাৰ চকত দুৰ্ঘটনাগ্ৰস্থ হৈ গাড়ীত থকা দুয়োজন ব্যক্তি গুৰুতৰ ভাৱে আহত হয়৷ ব্যক্তি দুগৰাকীৰ ভিতৰৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীৰ নিবাসী ছৰিফ উদ্দিনৰ মৃত্যু হয় আৰু আনজন ব্যক্তি গুৱাহাটীৰ জিএমচিত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷ পাচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ হোৱা হাতখন দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তি জনৰ হাত বুলি জানিবলৈ দিয়ে৷ কিন্তু এইখিনিত সাধাৰণ জনতাৰ মনত প্ৰশ্ন উদয় হৈছে যে ওৰাঙ অভিমুখে আহি থকা গাড়ীখনৰ লগত বিপৰীত দিশৰ পৰা অহা গাড়ীৰ লগত যদি দুৰ্ঘটনা হৈছে তেন্তে দুৰ্ঘটনা কৰা গাড়ী খনৰ দিশতহে হাতখন থাকিব লাগিছিল৷ কিন্ত সেয়া নহৈ দুৰ্ঘটনা হোৱা গাড়ীখনৰ প্ৰায় দুই কি:মিটাৰ আতৰত কেনেকৈ থাকিল সেয়া এক ৰহস্যৰ বিষয়৷