বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ৩১ মেঃ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ নাগ্ৰীজুলী গুৱাবাৰীৰ হস্তিনাপুৰত ৰাজেশ্বৰ চৰকাৰ নামৰ এজন লোকৰ বাসগৃহত বৃহস্পতিবাৰে পুৱা ৬ বজাত অগ্নিকাণ্ড সংঘটিত হোৱাত তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মিভূত হয়। অগ্নিকাণ্ড ফলত তিনিটাকৈ ঘৰৰ লগতে ভৰালৰ ধান, বাইক, চাইকেল, ডেৰ লাক্ষাধিক টকাসহ কেইবা লাখ টকাৰ আ-অলংকাৰ, সা-সামগ্ৰী, নথিপত্ৰ সম্পূৰ্ন ৰূপে ভস্মীভূত হয়। চাৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ৰাজেশ্বৰ চৰকাৰ বাসগৃহত পুৱাৰ ভাগত অগ্নিকাণ্ড দেখা পাই স্থানীয় ৰাইজে জুই নুমোৱাবলৈ চেষ্টা কৰে যদিও ৰাজেশ্বৰ চৰকাৰ তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।