নলবাৰীৰ পৰা কৈলাস ডেকা, সংবাদ ৩৬৫, ৩১ মেঃ বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত দুগৰাকী ছাত্ৰীয়ে স্থান লাভ কৰি নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিছে। জিলাখনৰ ৰাজনগৰৰ নিৱাসী বাহাৰুল আলী আৰু নাছৰিন বেগমৰ কন্যা আচমা ইয়াচমিনে নলবাৰীৰ ব্যক্তিগত শিক্ষাৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমিৰ পৰা বিজ্ঞান শাখাত দশম স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিছে। ভবিষ্যতে সুনাগৰিক হৈ দেশৰ চিকিৎসা সেৱাত ব্ৰতী হোৱাৰ মন মেধাৱী ছাত্ৰী আচমা ইয়াচমিনৰ। ছবি আকি ভাল পোৱা ছাত্ৰী গৰাকীয়ে দৈনিক ১৩-১৪ ঘন্টাকৈ অধ্যয়ন কৰিছিল। মেধাৱী ছাত্ৰী গৰাকীৰ পিতৃ নলবাৰী আৰক্ষী চকীৰ কনিষ্টবল। ছাত্ৰীগৰাকীৰ সফলতাত উচাহৰ ধল বৈছে জিলাখনত। আনহাতে নলবাৰীৰ চামতাৰ ব্যক্তিগত শিক্ষানুষ্ঠান ইডেন ভেলী একাডেমিৰ ছাত্ৰী পম্পী বৰ্মনে কলা শাখাত দশম স্থান লাভ কৰি জিলাখনৰ উপৰি বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।নলবাৰীৰ চামতাৰ পূণিগাঁৱৰ দিলীপ বৰ্মন আৰু ৰঞ্জু বৰ্মনৰ কন্যা পম্পী বৰ্মনে দৈনিক ৭-৮ ঘন্টাকৈ অধ্যয়ন কৰিছিল।ভবিষ্যতে আইএছ অফিচাৰ হোৱাৰ সপোন ছাত্ৰীগৰাকীৰ।মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ গড়কাপ্তানী বিভাগৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। দুয়োগৰাকী মেধাৱী ছাত্ৰীক জিলাখনৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জনাইছে।