তিতাবৰ, সংবাদ ৩৬৫, ৩১ মেঃ যোৰহাট জিলাৰ তিতাবৰৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা কলা শাখাত অনিন্দিতা নাথে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৪৮১ নম্বৰ লৈ ৰাজ্যখনৰ ভিতৰতে পঞ্চম স্থান লাভ কৰি সমগ্ৰ তিতাবৰত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অনিন্দিতাই ভৱিষ্যতে অৰ্থনীতি বিভাগত অনাৰ্ছসহ দিল্লী বিশ্ববিদ্যালয়ত স্নাতক পঢ়াৰ ইচ্ছা মনত পুহি ৰাখিছে। দৈনিক গুৰুত্ব সহকাৰে পঢ়া শুনা কৰা অনিন্দিতাই এই সফলতাৰ বাবে পোন প্ৰথমে ভগৱান, পিতৃ মাতৃ আৰু শিক্ষানুষ্ঠানক কৃতজ্ঞতা জনাইছে। তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক গুণাৰাম নাথ আৰু বৰহোলা মহাবিদ্যালয়ৰ সমাজতত্ব  বিভাগৰ অধ্যাপিকা চন্দ্ৰমা দেৱীৰ কণ্যা অনিন্দিতা নাথে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিতাবৰৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা ৰাজ্যখনৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছিল।