তিতাবৰ, সংবাদ ৩৬৫, ১ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শুক্ৰবাৰে সন্ধিয়া তিতাবৰৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিতাবৰ মহকুমা সমিতিৰ উদ্যোগত তিতাবৰ বিভিন্ন স্থায়ী দল সংগঠনৰ সহযোগত সহস্ৰাধিক পুৰুষ মহিলাই জোৰ এক বৃহৎ জোৰ সমদল উলিয়াই। সমদলত অংশগ্ৰহণ কৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে নৰেন্দ্ৰ মোদী মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, আৰএছএছৰ দাদাগিৰী নচলিব, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিব বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী দলটোৱে তিতাবৰৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা তিতাবৰ নগৰৰ মাজেদি জোৰ সমদল উলিয়াই তিতাবৰৰ গুুুুড্ডু চিনেমা গৃহৰ সমীপত প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচী সমাপ্ত কৰে।